নিউজ ডেস্ক, 2 এপ্ৰিলঃ বে্ংকসমূহে প্ৰদান কৰা ঋণৰ ফলত গ্ৰাহকসকলে দুগুন সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ এফালে উপাৰ্জনত প্ৰভাৱ আৰু আনফালে ঋণৰ সুদৰ হাৰ বৃদ্ধি হোৱাৰ সম্ভৱনাৰ ফলতে এইদৰে দুগুন সংকটৰ সন্মুখীন হ‘ব পাৰে গ্ৰাহকসকল ৷
বেংকসমূহে তিনিমাহ ধৰি ইএমআই স্থগিত ৰখাৰ সিদ্ধান্তই এইখিনি সময়ত ইএমআইৰ ওপৰত গ্ৰাহকসকলে সুত প্ৰদান কৰিবলগা হ‘ব পাৰে ৷ বেংকসমূহে ঘোষণা কৰা স্থগিত নীতিৰ পিচতেই এই সম্ভাৱনাই দেখা দিছে ৷ বিগত শুকুৰবাৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ইএমআই তিনিমাহলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল ৷
যাৰ ফলত এফালে কৰ‘ণা ভাইৰাছৰ প্ৰভাৱ আৰু আনফালে বেংকে আৰোপ কৰা এই নতুন নীতিৰ ফলত গ্ৰাহকসকলে এতিয়া দুগুন সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ইতিমধ্যে এই সন্দৰ্ভত গ্ৰাহকসকলক ই-মেইল প্ৰদান কৰিছে ভাৰতীয় ষ্টেট বেংকে ৷