ধেমাজি, ২ অক্টোবৰ : বহু অপেক্ষাৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাজ্যৰ ৭০ জাতীয় জনগোষ্ঠীয় সংগঠন সহযোগত শুক্ৰবাৰে এটা নতুন অঞ্চলিক দলে আত্মপ্ৰকাশ কৰে ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি দলীয় কৰ্মীৰ আনন্দ উল্লাস পৰিলক্ষিত হয়। ধেমাজিতো নগৰত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নেতৃত্বত সংগঠনৰ কমী সকলে৷ ফটকা-আতচবাজী ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় নতুন দলৰ সমৰ্থক সকলৰ ৷
শোষিত-নিস্পেষিত জনতাৰ পক্ষত থাকি নতুন আঞ্চলিক দলে ২০২১ ত শাসনাধিষ্ঠিত বিজেপিক উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰে। 'ৰাইজৰ দল' হিচাপে এতিয়াৰ পৰা ৰাইজৰ মাজত সোমাই যাব বুলি উল্লেখ কৰে কৃষক মুক্তিৰ নেতাই ।
ইপিনে ৰাইজৰ ঘৰে ঘৰে গৈ কাম সংকল্প দলটোৰ প্ৰতিজন কৰ্মীৰ বুলি মন্তব্য কৰিলে ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক হিল্লোৰাজ বুঢ়াগোঁহাইয়ে।
লগতে পঢ়ক: SI পৰীক্ষা কেলেংকাৰীঃ জয়ন্তমল্ল বৰুৱাক প্ৰত্যাহ্বান বৰপেটা জিলা কংগ্ৰেছৰ