ETV Bharat / briefs

টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডত বিশ্ব পৰিৱেশ দিৱস উদযাপন

author img

By

Published : Jun 4, 2020, 3:06 PM IST

১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’হিচাপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল লক্ষ্য।

world environment day
টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডত বিশ্ব পৰিৱেশ দিৱস উদযাপন

টীয়ক, ৪ জুনঃ যোৰহাট জিলাৰ টীয়ক কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ উদ্যোগত তথা বেচৰকাৰী সংস্থা 'ৰেঙনি এটি আশা'ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপত ড° ভূপেন হাজৰিকা মুকলি প্ৰেক্ষাগৃহৰ চৌহদত প্ৰায় শতাধিক ফলমূল,ঔষধি গছৰ পুলি ৰোপণ কৰা হয়।

world environment day celebrated at Teok

কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোঁচে এটি গছপুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে । সমগ্ৰ কাৰ্যসূচীত বামুণপুখুৰী পঞ্চায়তৰ সভানেত্ৰী ৰেখামণি ভট্টাচাৰ্য,ৰেঙণিৰ সঞ্চালক বিজু কুমাৰ শৰ্মা,যুৱ সমাজকৰ্মী ভাস্কৰ ৰৌমুৰীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ভৱিষ্যতে এই গছ পুলি ৰোপণ কাৰ্যসূচীৰ মাধ্যমেৰে আৰ্থিক স্বাৱলম্বিতাৰ পথ সুগম কৰিব পাৰিব বুলি আশা কৰিছে সভানেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল লক্ষ্য। পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ সন্মিলনত আৰম্ভ কৰিছিল।

লগতে চাওকঃ বানৰ কবলত পুৰণিগুদামৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.