ETV Bharat / briefs

বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপন নোহোৱাৰ কাৰণ কি ?

author img

By

Published : Sep 5, 2020, 6:30 PM IST

Updated : Sep 5, 2020, 7:13 PM IST

 বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উল্থাপন নোহোৱাৰ কাৰণ কি ?

গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ সদ্যসমাপ্ত বিধানসভাৰ বৰ্ষাকালীন অধিবেশনত উত্থাপন হোৱাৰ কথা আছিল সৰ্বমুঠ চাৰিখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক । সেই অনুসৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিধানসভা সচিবালয়ক জাননীও দিয়া হৈছিল । কিন্তু মূৰকত দেখা গল যে ইয়াৰে তিনিখন বিধেয়ক ক্ৰমে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ, মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু মটক স্বায়ত্বশাসিত পৰিষদ বিধেয়ক তিনিখন সদনত উত্থাপিত আৰু গৃহিত হ'ল । কিন্তু বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়কখন সদনত উত্থাপিত কৰা নহ'ল । কিয় উত্থাপিত নহ'ল এইখন বিধেয়ক ?

ৰাজ্য চৰকাৰৰ এক কৰ্তৃত্বশীল সুত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে ইয়াৰ আৰৰ ৰহস্য । সুত্ৰ অনুসৰি বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ বিধেয়কখন উত্থাপনৰ বাবে সাজু কৰি তোলা হৈছিল যদিও মূৰামূৰি সময়ত চৰকাৰে এই বিধেয়কখনৰ নাম সলনি কৰি "বড়ো কছাৰী উন্নয়ন স্বায়ত্বশাসিত পৰিষদ"ৰাখিবলৈ সিদ্ধান্ত লয় । অৰ্থাৎ বিধেয়কখনত নতুনকৈ "উন্নয়ন" শব্দটো অন্তৰ্ভুক্ত কৰা হয় । সেই অনুসৰি নতুন নামেৰে বিধেয়কখন অনুমোদনৰ বাবে আইন বিভাগলৈ প্ৰেৰণ কৰা হয় বিধানসভাৰ অধিবেশন চলি থকাৰ মাজতেই । আইন বিভাগে ইয়াক সেউজ সংকেত দিয়াৰ পিছত বিধেয়কখন নিয়ম অনুসৰি প্ৰেৰণ কৰা হয় বিধায়িনী বিভাগলৈ । কিন্তু বিধায়িনী বিভাগে সাংবিধানিকভাবে যিকোনো এখন বিধেয়কৰ সকলো যাৱতীয় কামকাজ সম্পূৰ্ণ কৰি সেউজ সংকেত দিবলৈ প্ৰয়োজন হয় কমেও এসপ্তাহ । ইফালে বিধানসভাৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হৈছিল মাত্ৰ চাৰিদিনৰ বাবে ।ফলত সাতে পাঁচে মিলি এইখন বিধেয়ক এই অধিবেশনত উল্থাপন নহ'ল । আগন্তুক শীতকালিন অধিবেশনতহে এই বিধেয়কখন উল্থাপন হব বিধানসভাত ।

Last Updated : Sep 5, 2020, 7:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.