এণ্টাৰটেইনমেণ্ট নিউজ, ১৭ জুনঃ ২০২০ বৰ্ষতে দেশবাসীয়ে হেৰুৱালে ভাৰতীয় ছবিজগতৰ চাৰিগৰাকীকৈ তাৰকাক। ইৰফান খান, ক্ষষি কাপুৰ, ৱাহিদ খান আৰু শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে সমগ্ৰ দেশবাসীৰ লগতে বলীউড জগতো। এই চাৰিগৰাকীকৈ তাৰকাৰ মৃত্যুত আৱেগিক হৈ পৰিছে অভিনেতা বিকী কৌশাল। অভিনেতাগৰাকীয়ে তিনিওগৰাকী অভিনেতা তথা সংগীত নিৰ্দেশক ৱাহিদ খানৰ মৃত্যুত শোকপ্ৰকাশ কৰি আটাইকেইগৰাকী মৃতকৰ আত্মাই শান্তি লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।
অভিনেতা বিকী কৌশালে 'গোল্ডেন টেম্পল'ত সকলোৰে সুখ-শান্তিৰ কামনা কৰি প্ৰাৰ্থনা কৰি থকা এখন ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰে। অভিনেতাগৰাকীয়ে "Jo hai... jo chale gaye, saareyaan nu sukh shaanti bakshyo."(মই সকলোৰে সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছো.... যিসকল জীয়াই আছে... যিসকলে স্বৰ্গগামী হৈছে।) বুলি লিখি ছ'চিয়েল মিডিয়াত ফটোখন আপলোড কৰে। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে এনেদৰে ছ'চিয়েল মিডিয়াত পোষ্ট কৰে অভিনেতা বিকী কৌশালে।
"সুশান্তক মই বেছি ওচৰৰ পৰা জনা নাছিলো যদিও তেখেতৰ মৃত্যু এটা দুঃস্বপ্ন যেন অনুভৱ হয়। সুশান্তে যিটো কাৰণত আত্মহত্যা কৰিছে অথবা তেখেতৰ মৃত্যুত পৰিয়াল তথা বন্ধু-বৰ্গই যি দুখ পাইছে, সেয়া মই কেতিয়াও কল্পনা কৰিব নোৱাৰো। ঈশ্বৰে সকলোকে শক্তি দিয়ক আৰু সুশান্তৰ বিদেহ আত্নাই শান্তি লাভ কৰক।" সুশান্তৰ মৃত্যুৰ পাছতে এনেদৰে নিজৰ অনুভৱ ব্যক্ত কৰে অভিনেতা বিকী কৌশালে।

- " class="align-text-top noRightClick twitterSection" data="
">