নিউজ ডেস্ক, ১৯ জুনঃ আমেৰিকাৰ ৰাজনৈতিক নেতা মিখেইল পোম্পিঅ'ই শুকুৰবাৰে লাডাখত চীনা সৈন্যৰ আক্ৰমনত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানসকলক সমবেদনা জ্ঞাপন কৰে। "এই হিংসাত প্ৰাণ হেৰুওৱা বীৰ জোৱান সকলৰ পৰিয়ালৰ সদায় মনত ৰাখিম। এই দুখঃৰ সময়ত আমি তেওঁলোকৰ লগত আছো" বুলি উল্লেখ কৰে মিখেইল পোম্পিঅ'ই ।
![US condoles death of Indian soldiers killed in face-off with China](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:58:36:1592548116_pompeo_june1911592547790381-15_1906email_1592547801_27.jpg)
"লাডাখত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প জ্ঞাত আৰু দেশদুখনৰ মাজত মধ্যস্থতাক লৈ আমেৰিকাৰ কোনো আনুস্থানিক পৰিকল্পনা নাই" বুলি এদিন পূৰ্বে হোৱাইট হাউছে উল্লেখ কৰাৰ পাছতে আমেৰিকাৰ মন্ত্ৰীগৰাকীয়ে এই ঘটনাক লৈ শোকপ্ৰকাশ কৰে ।
উল্লেখ্য যে, ১৫ জুনত নিশা কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ গালৱান ভেলীত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষত চীনা সৈন্যৰ আক্ৰমনত শ্বহীদ হৈছিল ২০ জনকৈ সেনা জোৱান। লগতে, এই আক্ৰমনত আন কেইবাগৰাকীও জোৱান আহত হৈছিল । সম্প্ৰতি লেহস্থিত সেনাৰ হাস্পতালত ১৮ গৰাকী জোৱান আৰু আন এখন হাস্পতালত ৫৮ গৰাকী জোৱান চিকিত্সাধীন হৈ আছে বুলি সেনাৰ সূত্ৰই জানিবলৈ দিয়ে ।