ETV Bharat / briefs

সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত নিৰীক্ষণ এপৰ ব্যৱহাৰ তিৰুপতি দেৱাশ্ৰমৰ

author img

By

Published : Jun 21, 2020, 3:16 PM IST

"Social Distancing Monitoring App"ৰ জড়িয়তে ভক্তসকলে ৬ ফুট দুৰত্ব মানি চলিছেনে নাই এই সকলো নিৰীক্ষণ কৰে তিৰুমালা তিৰুপতি দেৱাশ্ৰমে।

তিৰুমালা তিৰুপতি দেৱাশ্ৰম
TTD's app to monitor social distancing big hit among netizens

নিউজ ডেস্ক, ২১ জুনঃ কোভিড-১৯ৰ সংকটৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশৰ প্ৰসিদ্ধ ধৰ্মীয়স্থান তিৰুমালা তিৰুপতি দেৱাশ্ৰমে। মন্দিৰলৈ অহা ভক্তসকলে সামাজিক দুৰত্ব বৰ্তাই ৰাখিছেনে নাই তাৰ নিৰীক্ষণৰ বাবে মন্দিৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এটা বিশেষ এপৰ ব্যৱস্থা। এই এপটোৰ জৰিয়তে কেনেদৰে মন্দিৰ কৰ্তৃপক্ষই সকলো নিৰীক্ষণ কৰে তাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে।

তিৰুমালা তিৰুপতি দেৱাশ্ৰমৰ মনোহৰ নামৰ বিষয়াই উল্লেখ কৰা অনুসৰি, দেৱাশ্ৰম কৰ্তৃপক্ষই মোবাইলত "Social Distancing Monitoring App"টো ব্যৱহাৰ কৰে। মন্দিৰ খোলাৰ সময়ৰ পৰা বন্ধ হোৱাৰ সময়লৈকে ভক্তসকলে ৬ ফুট দুৰত্ব মানি চলিছেনে নাই এই সকলো নিৰীক্ষণ কৰে এপটোই।

TTD's app to monitor social distancing big hit among netizens
সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত নিৰীক্ষণ এপৰ ব্যৱহাৰ তিৰুপতি দেৱাশ্ৰমৰ

কোভিড-১৯ লকডাউনৰ সময়তে এই "Social Distancing Monitoring App"টোৰ বিকাশ কৰা হৈছে। এই এপটোৱে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰৰ ভক্তসকলৰ নিৰীক্ষণ আৰু সতৰ্ক কৰি ৰখাৰ বাবে উপযোগী বুলি উল্লেখ কৰে মনোহৰ নামৰ বিষয়াগৰাকীয়ে।

তদুপৰি, মন্দিৰলৈ অহা ভক্তসকলক প্ৰথমে থাৰ্মেল স্ক্ৰীণিং কৰিহে মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হয়। যিসকলক ভক্তৰ দেহৰ তাপমাত্ৰা অধিক তেওঁলোকক মন্দিৰ কৰ্তৃপক্ষই আছুতীয়াকৈ থাকিবলৈ দিয়ে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.