নতুন দিল্লী, ১২ জুন: টয়টা কিৰ্লোস্কাৰ মটৰ ব্যৱসায়িক কোম্পানীটোৱে এক বিশেষ বিত্তীয় আঁচনি মুকলি কৰি কয় যে,লক ডাউনৰ পিছত মটৰ শ্ব'ৰুমসমূহ খুলিব যদিও ইয়াত বিক্ৰীক অধিক প্ৰাধান্য দি ইএমআই ৯০ দিনৰ বাবে স্থগিত ৰখা হৈছে । লগতে কোম্পানীটোৱে কয় যে,চলিত মাহত প্ৰস্তুত কৰা BS-VI মডেলৰ সকলো ক্ৰয়ৰ ঋণ আগন্তুক ৯০ দিনৰ বাবে ইএমআইৰ সৈতে সংলগ্ন কৰা হৈছে ।
টিকেএম কোম্পানীয়ে এক মন্তব্যত কয় যে,কোম্পানীটোৱে নিজৰ বিত্তীয় সহযোগীৰ সৈতে একেলগে কাম কৰিছে যদিও Innova Crysta, Fortuner, Camry Hybrid, Yaris আৰু Glanza আদি সকলোবোৰ মডেল জিৰো ডাউন পেমেণ্টতহে ঘূৰি আহিছে । লক ডাউনৰ পিছত আগন্তুক টয়োটা মডেলত ৬ মাহৰ বাবে প্ৰতি লাখত ৮৯৯ টকা ৰেহাই দিয়া হ'ব । ইয়াৰ লগতে, কোম্পানীটোৱে Yaris আৰু Glanza মডেলত সুনিশ্চিত বাইবেকৰো ঘোষণা কৰে ।