ETV Bharat / briefs

১,৪৪৬ বছৰ কাৰাদণ্ড দুজন ৰেষ্টোৰাৰ স্বত্বাধিকাৰক - ১,৪৪৬ বছৰ কাৰাদণ্ড ৰেষ্টোৰাৰ স্বত্বাধিকাৰক

মুঠ ৮১৮ জন গ্ৰাহকৰ ভিতৰত ৩৭৫ জন গ্ৰহকে তেওঁলোকৰ টকা ঘূৰাই পোৱা বুলি অৱগত কৰে যদিও ১০০ জন লোকে কেলেংকাৰীৰ অভিযোগ তুলি ৰেষ্টোৰা আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । মিছা প্ৰতিশ্ৰুতি দি গ্ৰাহকক ঠগোৱাৰ অপৰাধত লেমগেট চীফুড নামৰ সাগৰীয় ৰেষ্টোৰাখনৰ দুই স্বত্বাধিকাৰী এপিচাৰ্ট বাওৰ্নবাঞ্চৰা আৰু প্ৰপাচৰ্ন বোৰ্নবাঞ্চাক আৰক্ষীয়ে আটক কৰে ।

থাই সাগৰীয় খাদ্যক লৈ কৰা প্ৰতাৰণাৰ অপৰাধত ১,৪৪৬ বছৰ কাৰাদণ্ড ৰেষ্টোৰাৰ স্বত্বাধিকাৰক

author img

By

Published : Jun 11, 2020, 6:59 PM IST

Updated : Jun 11, 2020, 7:17 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুন: থাইলেণ্ডৰ সমুদ্ৰ ভোজন ৰেষ্টোৰা এখনৰ দুই স্বত্বাধিকাৰীয়ে গ্ৰাহকক ঠগোৱাৰ গোচৰত থাইলেণ্ডৰ এখন আদালতে দুই স্বতাধিকাৰীক ১,৪৪৬ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে । সূত্ৰই জনোৱা মতে, বিগত বছৰত লেমগেট চীফুড নামৰ সাগৰীয় ৰেষ্টোৰাখনে বিভিন্ন খাদ্যৰ ভাউচাৰ বিক্ৰী কৰিছিল,যাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহৰসকলে অধিক মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল ।

থাই সাগৰীয় খাদ্যক লৈ কৰা প্ৰতাৰণাৰ অপৰাধত ১,৪৪৬ বছৰ কাৰাদণ্ড ৰেষ্টোৰাৰ স্বত্বাধিকাৰক
থাই সাগৰীয় খাদ্যক লৈ কৰা প্ৰতাৰণাৰ অপৰাধত ১,৪৪৬ বছৰ কাৰাদণ্ড ৰেষ্টোৰাৰ স্বত্বাধিকাৰক

ব্ৰ'ডকাষ্টাৰ থাই পি.বি.এছে কয় যে, ২০ হাজাৰতকৈও অধিক লোকে ৫০ মিলিয়ন থাই (১.৬ মিলিয়ন ডলাৰ) ভাউচাৰ ক্ৰয় কৰিছিল । চুক্তিমতে,১০ জন লোকৰ বাবে ৮৮০ (২৮ ডলাৰ) মূল্যৰ সাগৰীয় খাদ্যৰ যোগান ধৰা হৈছিল,যত সাধাৰণ খাদ্যতকৈ এই সাগৰীয় খাদ্যৰ মূল্য অধিক কম ।

থাই পি.বি.এছে জনোৱা অনুসৰি,ৰেষ্টোৰাখনৰ স্বত্বাধিকাৰীয়ে খাদ্য যোগান ধৰিবলৈ সক্ষম হৈছিল যদিও বহু মাহলৈকে খাদ্যৰ বাবে গ্ৰাহকৰ বুকিং হৈ আছে । চলিত বৰ্ষৰ মাৰ্চ মাহত লেমগেটৰ স্বত্বধিকাৰীয়ে হোটেলখন বন্ধ কৰাৰ কথা ঘোষণা কৰে,কিয়নো গ্ৰাহকৰ এই অৰ্ডাৰ পূৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে সাগৰীয় খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব ।

মুঠ ৮১৮ জন গ্ৰাহকৰ ভিতৰত ৩৭৫ জন গ্ৰহকে তেওঁলোকৰ টকা ঘূৰাই পোৱা বুলি অৱগত কৰে যদিও ১০০ জন লোকে কেলেংকাৰীৰ অভিযোগ তুলি ৰেষ্টোৰা আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । মিছা প্ৰতিশ্ৰুতি দি গ্ৰাহকক ঠগোৱাৰ অপৰাধত ৰেষ্টোৰাখনৰ দুই স্বত্বাধিকাৰী এপিচাৰ্ট বাওৰ্নবাঞ্চৰাক আৰু প্ৰপাচৰ্ন বোৰ্নবাঞ্চাক আৰক্ষীয়ে আটক কৰে । বুধবাৰে দুয়োজনৰ বিৰুদ্ধে ৭২৩ গোচৰ পোৱাৰ পিছতে দুয়োকে থাইলেণ্ড আদালতে ১,৪৪৬ বছৰৰ কাৰাদণ্ড দিয়ে ।

স্বত্বাধিকাৰী দুজনে নিজৰ দোষ স্বীকাৰ কৰাৰ পিছত আদালতে তেওঁলোকৰ কাৰাদণ্ডৰ সময়সীমা আধা কৰি দিয়ে আৰু দুয়োজনক ২০ বছৰ কাৰাদণ্ড ঘোষণা কৰে ।

লগতে পঢ়ক: আলফা সন্দেহত আটক কৰা যুৱকৰ মুক্তিৰ দাবীত থানা ঘেৰাও মহিলাৰ

Last Updated : Jun 11, 2020, 7:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.