তেজপুৰ,২ অক্টোবৰ : স্বচ্ছ সৰ্বক্ষণত দেশৰ ১০ খন ৰাজ্যৰ ১০ খন জিলাৰ ভিতৰত স্বচ্ছতাৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল ঊষা নগৰী তেজপুৰে । আৰু সেই তেজপুৰতে গান্ধী জয়ন্তীৰ দিনা চহৰখনৰ মাজমজিয়াৰ এক দৃশ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
দুৰ্গন্ধময় লেতেৰা ৰাজ পথ , পথৰ দাঁতিত তেজপুৰ পৌৰ প্ৰশাসনিক বিষয়াৰ ফলক আৰু জাবৰৰ দমে সৃষ্টি কৰা এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে চহৰখনৰ একাংশ স্থানত । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতা, পালিনেতাই সভাই সমিতিয়ে স্বচ্ছতাৰ বিষয়ে সজাগ কৰা সময়তে এনে এক দৃশ্য বন্দী হ’ল ইটিভি ভাৰতৰ কেমেৰাত ।
ৰাজপথত গাহৰিৰ মুক্ত বিচৰণ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সন্মুখত । তেজপুৰ পৌৰ সভা ভংগ হোৱা প্ৰায় ৭ মাহ উকলি গ'ল । মহামাৰী ক'ভিড -১৯ ৰ প্ৰট'কলৰ বাবে নতুন কমিটি গঠন হোৱা নাই যদিও আগষ্ট মাহৰ ২০ তাৰিখে "স্বচ্ছ সৰ্বেক্ষণ"ৰ পুৰস্কাৰ লাভ কৰিলে । কিন্ত এই পুৰস্কাৰ অকল চৰকাৰী বিষয়াৰ কাগজৰ বাবেহে হ’ল নেকি বুলিও স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ।
পৌৰ প্ৰশাসনৰ চাফাই কৰ্মীৰ নিয়মীয়া বেতনৰ বাবে ৰাজ্যত দৈনিক চলিছে ধৰ্মঘট, তেনেস্থলত স্বচ্ছতাৰ দিশত কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন !
লগতে পঢ়ক: চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ