ETV Bharat / briefs

সুশান্ত সি ৰাজপুতৰ মৃত্যুঃ আজিয়েই গ্ৰেপ্তাৰ হ'ব পাৰে ৰিয়া চক্ৰৱৰ্তী

মঙলবাৰে নাৰ্কটিক কন্ট্ৰল ব্যুৰোৰ তৰফৰ পৰা তলব কৰা হৈছে ৰিয়া চক্ৰৱৰ্তীক । NDPSৰ বিভিন্ন ধাৰাত ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী ।

author img

By

Published : Sep 8, 2020, 4:53 PM IST

সুশান্ত সি ৰাজপুতৰ মৃত্যুঃ আজি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ৰিয়া চক্ৰৱৰ্তী

মুম্বাই,৮ চেপ্তেম্বৰঃ দ্ৰুতগতিত চলিছে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত । অভিনেতাগৰাকীৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন অনুসৰি, প্ৰধান অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীক ৪৮ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত ড্ৰাগছজাতীয় দ্ৰৱ্য সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক তলব কৰিছে নাৰ্কটিক কন্ট্ৰল ব্যুৰোৰ তৰফৰ পৰা ।

ইয়াৰ পূৰ্বে কেদাৰানাথ চিনেমাখনৰ অভিনেতা চেমুৱেল মিৰাণ্ডা আৰু ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে একাংশ অভিনেতাক নাৰ্কটিক কন্ট্ৰল ব্যুৰোৰ কাৰ্যালয়লৈ সোধ পোচৰ বাবে মঙলবাৰে পুৱা ৯:৩৩ তলব কৰা হৈছিল । এই ঘটনাৰ লগত জড়িত তিনিগৰাকী অভিযুক্তৰ লগত মুখা মুখিকৈ জেৰা কৰা হ'ব, ইয়াৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী, চেমুৱেল মিৰাণ্ডা আৰু সুশান্ত সিং ৰাজপুতৰ ৰান্ধনী দীপেশ ছাৱন্তও আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.