বিশ্বনাথ চাৰিআলি, ২৪ ছেপ্টেম্বৰ: বিহালীৰ বৰগাঙৰ সমাজকৰ্মী পূণ্য বৰাই বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ মান বজাত ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়ত সমাজকৰ্মী গৰাকীৰ বয়স হাছিল প্ৰায় ৭২ বছৰ ৷
উল্লেখ্যযোগ্য যে, সমাজকৰ্মী পূণ্য বৰাৰ অঞ্চলটোতে এগৰাকী অমায়িক ব্যক্তি হিচাবে আছিল সুনাম ৷ তাৰোপৰি বিগত ২০০২ চনত বৰগাং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ ওপৰিও বৰগাং গাওঁ পঞ্চায়তৰ উপ-সভাপতি হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ ৷
বৰ্ষীয়ান সমাজকৰ্মী পূণ্য বৰাৰ বিয়োগত বৰগাং অঞ্চলত পৰিছে শোকৰ ছাঁ ৷ তেখেতৰ মৃত্যুত বিহালীৰ সমাজসেৱক প্ৰনৱ কুমাৰ চৌধুৰী, সমাজ সেৱক প্ৰেমলাল গঞ্জু, বিহালীৰ সমাজ সচেতন বিবেক দাসকে ধৰি বিভিন্ন দল সংগঠনে কৰিছে শোক প্ৰকাশ ।
লগতে পঢ়ক: শৰীৰ চৰ্চাৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন এজন যুৱকৰ