শিলচৰ,২৩মে' : বৃহস্পতিবাৰে ঘোষিত হোৱা সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলত ডাঃ ৰাজদ্বীপ ৰয়ে আশানুৰূপ ফল দেখুওৱাৰ পাছতেই প্ৰথমখন সংবাদমেল সম্বোধন কৰে ডাঃ ৰয়ে । সংবাদমেলত এই বৰ্ষৰ নিৰ্বাচনে বৰাকত নতুন ৰাজনৈতিক সংস্কৰণ ঘটোৱাৰ লগতে প্ৰায় ৫২ শতাংশ ভোটেৰে শিলচৰত জয়ী হোৱাত আনন্দিত বুলি মন্তব্য কৰে ৰয়ে । ৰয়ৰ মতে, প্ৰথমবাৰ শিলচৰ সংসদীয় আসনত দ্বি-মুখী প্ৰতিদ্বন্দিতাত জয়ী হৈছে বিজেপি । সংবাদমেলত বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাক উন্নত কৰাই ৰয়ৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে । পথ, ৰেল,বিমান,জলপথ আৰু ইন্টাৰনেটতো বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে ৰয়ে ।
আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগতো ৰয়ে কয়, ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ যিসকলে বিৰোধীতা কৰিছে তেওঁলোকে কেৱল টেলিভিছনৰ সন্মুখতে বহি কৰিছে, সন্মুখত আহি কৰিব নোৱাৰে ।
অন্য এক খবৰৰ বাবে : বি টাউনবাসীয়ে শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক