ETV Bharat / briefs

ঝাৰখণ্ডত উদ্ধাৰ ১৮ টাকৈ আই ই ডি ডিভাইছ - security-forces-defuse-18-ieds-in-jharkhand

বৃহস্পতিবাৰে ঝাৰখণ্ডৰ পশ্চিম সিংভম জিলাত আৰক্ষী আৰু নিৰাপত্তাক্ষীৰ এটা দলে চলাইছিল এক অভিযান ৷ এই অভিযানৰ সময়ত আৰক্ষী আৰু নিৰাপত্তাক্ষীৰ দলটোৱে গিলকেৰা থানা এলেকাৰ এখন বনাঞ্চলৰ পৰা এটা বস্তাত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় 18 টাকৈ আই ই ডি ডিভাইছ ।

ঝাৰখণ্ডত ১৮ টা আই ই ডি  ডিভাইছ উদ্ধাৰ
ঝাৰখণ্ডত ১৮ টা আই ই ডি ডিভাইছ উদ্ধাৰ
author img

By

Published : Sep 4, 2020, 1:58 PM IST

Updated : Sep 4, 2020, 2:24 PM IST

ছৈবাশা, (ঝাৰখণ্ড) ৪ চেপ্তেম্বৰঃ ঝাৰখণ্ডৰ পশ্চিম সিংভম জিলাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ এটা দলে অভিযান চলাই অত্যাধুনিক ১৮ টাকৈ আই ই ডি ডিভাইছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সন্দেহ কৰা হৈছে যে,নিষিদ্ধ মাওবাদী(চিপি আই) সংগঠনে কূটাঘাত সংঘটিত কৰাৰ বাবে বোমা সমূহ জমা কৰিছিল ।

এই অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীৰ দলটোৱে বৃহস্পতিবাৰে গিলকেৰা থানা এলেকাৰ এখন বনাঞ্চলৰ পৰা এটা বস্তাত লুকুৱাই থোৱা অৱস্থাত আই ই ডি খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

নিৰাপত্তা বাহিনীৰ সূত্ৰই সদৰি কৰা অনুসৰি, মাওবাদীয়ে নিৰাপত্তা কৰ্মীৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ বাবে বিস্ফেৰক খিনি জমা কৰি ৰাখিছিল । আনহাতে চি আৰ পি এফৰ বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ আই ইডি সমূহ নিস্ক্ৰিয় কৰে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাঁচীত নিষিদ্ধ ঘোষিত সংগঠন পিপলছ লিবাৰেশ্যন ফ্ৰন্ট অফ ইণ্ডিয়া নামৰ সংগঠনটোৰ ৩ গৰাকী সদস্যক আটক কৰিছিল নিৰাপত্তা বাহিনীয়ে । তেওঁলোকৰ জিম্মাৰ পৰা জব্দ কৰিছিল গোলা বাৰুদ ।

লগতে পঢ়ক : শাৰদীয় দূৰ্গোৎসৱ উদযাপনত বাধা আলফা স্বাধীনৰ

Last Updated : Sep 4, 2020, 2:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.