ETV Bharat / briefs

পথ দুৰ্ঘটনাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - নিহত হয় প্ৰৱীৰ ৰয়

জখলাবন্ধাত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ

পথ দুৰ্ঘটনাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
author img

By

Published : Apr 20, 2019, 8:38 PM IST

নগাঁও,২০ এপ্ৰিল : শুকুৰবাৰে নিশা নগাঁৱৰ জখলাবন্ধাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত নিহত হয় প্ৰৱীৰ ৰয় নামৰ এজন ব্যৱসায়ী । নিশা নিজ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনাটো । জখলবন্ধা-চিকনী সংযোগী পথটোত চিকনী দিশৰ পৰা অহা এখন তীব্ৰ বেগী ছুইফট ডিজায়াৰ গাড়ীয়ে ব্যৱসায়ীজনক খুন্দিয়াই গুৱাহাটী অভিমুখে পলায়ন কৰে । আনহাতে স্থানীয় ৰাইজে ব্যৱসায়ীজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে স্থানীয় ব্যৱসায়ী আৰু ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জখলাবন্ধাত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে । অৱশেষত প্ৰতিবাদী ৰাইজক মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰী শান্ত হয় আৰু পথ অৱৰোধ উঠাই লয় । পথ অৱৰোধৰ বাবে প্ৰায় এঘণ্টা যান-বহন অচল হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ । ইতিমধ্যেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

পথ দুৰ্ঘটনাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

আনহাতে,স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰী ভূমি বেদখল কৰি জখলবন্ধা-চিকনী সংযোগী পথটো ঠেকাই অনাৰ বাবে সংঘটিত হয় এই ঘটনা । গড়কাপ্তানী বিভাগে পথছোৱা সম্প্ৰসাৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।

Intro:জখলাবন্ধাত দুৰ্ঘটনাত, নিহত যুৱ ব‍্যৱসায়ী
প্ৰতিবাদী জনতাই অৱৰোধ কৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ
দুৰ্ঘটনা সংঘটিত হোৱা জখলাবন্ধা-চিকনী পথ সম্প্ৰসাৰণৰ দাবীBody:শুক্ৰবাৰে নিশা এক পথ দুৰ্ঘটনাত নিহত হয় জখলাবন্ধাৰ ব‍্যৱসায়ী প্ৰৱীৰ ৰয় (৪২)। নিশা প্ৰায় ৯:৪৫ বজাত নিজ ব‍্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। জখলবন্ধা মূল বাণিজ্যিক কেন্দ্ৰ সংযোগী জখলবন্ধা-চিকনী সংযোগী পথটোত চিকনি দিশৰ পৰা অহা এখন তীব্ৰ বেগী ছুইফ্ট ডিজায়াৰ গাড়ী খুন্দিয়াই গুৱাহাটী অভিমুখে পলায়ন কৰে। স্থানীয় প্ৰত‍্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। সেই লৈ আজি পূৱা স্থানীয় ব‍্যৱসায়ী আৰু ৰাইজে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি উক্ত পথ ছোৱা শীঘ্ৰে সম্প্ৰসাৰণৰ দাবী তোলে। চৰকাৰী ভূমি বেদখল কৰি ঠেকাই অনা পথটো বহলাবলৈ গড়কাপ্তানী বিভাগে পথছোৱা সম্প্ৰসাৰণৰ বাবে গড়কাপ্তানী বিভাগে কোনো তৎপৰতা নোলোৱা বাবে এনে দুৰ্ঘটনা সংঘটিত হ'ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। প্ৰতিবাদী ৰাইজক মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ উঠাই লয়। পথ অৱৰোধৰ ফলত প্ৰায় এঘণ্টা যান-বহন অচল হৈ পৰে। ইতিমধ‍্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন গুৱাহাটী দিছপুৰ আৰক্ষী চকীয়ে আটক কৰি নিজৰ জিম্মাত ৰাখিছে বুলি আৰক্ষী সত্ৰই প্ৰকাশ কৰিছে। পত্নী আৰু নিচেই কম বয়সীয়া এগৰাকী কণ‍্যা আৰু এটি পুত্ৰ সন্তানসহ এটা বৃহৎ পৰিয়াল এৰি থৈ যোৱা অতি অমায়িক সৰবৰহী যুৱ ব‍্যৱসায়ী প্ৰৱীৰৰ মৃত‍্যুত জখলাবন্ধাত শোকৰ ছাঁ পৰিছে।Conclusion:photo/visuals/bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.