এণ্টাৰটেইনমেণ্ট ডেস্ক, ১২ জুনঃ বৃহস্পতিবাৰে মুক্তি লাভ কৰিছে অভিনেতা বৰুণ ধাৱনৰ আহিবলগীয়া ছবি 'কুলি নম্বৰ ১'ৰ এখন বিশেষ পোষ্টাৰ। সমগ্ৰ দেশে কোভিড-১৯ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তেই এই মহামাৰীক মূল বিষয়বস্তু হিচাপে লৈ মুকলি কৰা হয় পোষ্টাৰখন। বৰুণ ধাৱনে 'কুলি টুপি'ৰ সৈতে 'মাস্ক' পৰিধান কৰি থকা এখন কমেডি পোষ্টাৰ মুকলি কৰে ছবি নিৰ্মাতাই।
অভিনেতাগৰাকী ছ'চিয়েল মিডিয়াযোগে এই পোষ্টাৰখন শ্বেয়াৰ কৰি "সকলো দৰ্শককে হাঁহিৰ খোৰাক জগাবলৈ আমি আহি আছো" বুলি উল্লেখ কৰে।
উল্লেখ্য যে, ১ মে' অৰ্থাৎ শ্ৰমিক দিৱসৰ দিনটোতে দেশৰ ছবিগৃহত মুক্তি লাভ কৰাৰ কথা আছিল 'কুলি নম্বৰ ১' ছবিখন। কিন্তু সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-১৯ৰ বাবে দেশত অব্যাহত থকা লকডাইনৰ ফলত মুক্তি লাভৰ দিন পিছুৱাই দিয়া হয়।
ডেভিড ধাৱনে 'কুলি নম্বৰ ১'ৰ পৰিচালনা কৰাৰ বিপৰীতে ৱাছু বাগনানী, জেকি বাগনানী আৰু দ্বীপশিখা দেশমুখে ছবিখনৰ প্ৰযোজনা কৰিছে। তদুপৰি 'কুলি নম্বৰ ১' ত বৰুণ ধাৱনৰ লগতে মুখ্য় চৰিত্ৰত অভিনয় কৰিছে চাৰা আলী খানে।
লগতে চাওকঃ লক ডাউনৰ সময়ত ঋণ পৰিশোধ নকৰাৰ উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা