শদিয়া,২ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দৈনিক বজাৰত মঙলবাৰে নিশা স্থানীয় মহিলাই চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় ৷
প্ৰাপ্ত তথ্য অনুসৰি, দৈনিক বজাৰখনৰ পিছফালে থকা চুলাই মদৰ কেইবাখনো দোকান ভাঙি লণ্ড-ভণ্ড কৰে মহিলাৰ দলটোৱে ৷ উত্থাপিত অভিযোগ অনুসৰি, আৰক্ষী তথা আবকাৰী বিভাগক এই বিষয়ে বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ কথা ব্যক্ত কৰে মহিলাৰ দলটোৱে ৷ পৰৱৰ্তী সময়তো চুলাই মদৰ বিৰুদ্ধে দলটোৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে মহিলাসকলে ৷