নিউজ ডেস্ক, ৫ জুনঃ বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে ৪ গৰাকী আৰক্ষীৰ লোক। লগতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন আৰক্ষী কৰ্মীৰ। মহাৰাষ্ট্ৰ আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে এই কথা ।
![one death four more covid 19 cases among maharashtra police personnel](https://etvbharatimages.akamaized.net/etvbharat/prod-images/placeholder.png)
মহাৰাষ্ট্ৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি বৰ্তমানলৈকে ২৫৬১ গৰাকী আৰক্ষীৰ লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। আনহাতে এই মহামাৰীত মৃত্যুমুখত পৰিছে ৩১ গৰাকী আৰক্ষীৰ লোক।
উল্লেখ্য যে,ৰাজ্যখনত চলি থকা লক ডাউনৰ সময়ত উলংঘাকাৰীৰ বিৰুদ্ধে ১,২২,৭৭২ টা গোচৰ ৰুজু কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰা (disobedience to order duly promulgated by public servant) অনুসৰি ৰুজু গৈছে গোছৰ। আৰক্ষী সূত্ৰই উল্লেখ কৰা অনুসৰি লক ডাউন ভংগ কৰাৰ বাবে ২৩,৮২৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭৯,৮০২ খন বাহন জব্দ কৰিছে আৰক্ষীয়ে।
বৰ্তমানলৈকে ৰাজ্যখনত মুঠ ৭৭ হাজাৰৰো অধিক লোক কোভিড-১৯ আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ২৭১০ গৰাকী ব্যক্তি।