ETV Bharat / briefs

এম্বুলেন্সৰ সলনি ঠেলাগাড়ীৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক

author img

By

Published : Jun 9, 2019, 5:04 PM IST

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এক পুতৌ লগা স্বৰূপ ৷ ভগা ৰাস্তাৰে এম্বুলেন্স নাহে, সেয়েহে ঠেলাৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক ৷

এম্বুলেন্সৰ সলনি ঠেলাগাড়ীৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক

ছিপাঝাৰ, 9 জুন: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এক পুতৌ লগা স্বৰূপ ৷ ভগা ৰাস্তাৰে এম্বুলেন্স নাহে, সেয়েহে ঠেলাৰে চিকিৎসালয়লৈ অনা হ'ল ৰোগীক ৷ বিভিন্ন ধৰণৰ অভিলাষী আঁচনিৰে দেশ তথা ৰাজ্যৰ আমুল পৰিৱৰ্তন সাধিব বিচৰা চৰকাৰে কিমান নজৰ দিয়ে প্ৰকৃত উন্নয়ন তথা বিকাশৰ স্বৰূপটোৰ প্ৰতি ৷ এই ঘটনা দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ ৷ ৰোগাক্ৰান্ত এগৰাকী মহিলাক চিকিৎসালয়লৈ নিবলৈ পৰিয়ালে যোগাৰ কৰিব নোৱাৰিলে এখন এম্বুলেন্স ৷ কিয়নো ভঙা-ছিঙা পথেৰে অঞ্চলটোলৈ আহিব নোৱাৰে বিনামূলীয়া মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সৰ লগতে আন বাহন ৷ সেয়েহে এখন ঠেলাত উঠাই ঘোৰাশালৰ পৰা জনসেৱালৈ চিকিৎসাৰ বাবে লৈ অহা হ'ল মনেশ্বৰী দেৱী নামৰ মহিলাগৰাকীক ৷

উল্লেখযোগ্য যে, সঘনাই উন্নয়নৰ শ্লোগান গোৱা অসম চৰকাৰৰ গড়কাপ্তানি আৰু স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ নহয় নেকি ৰাইজৰ এই দুৰ্যোগসমূহ ৷ আনহাতে শাসকীয় দলৰে বিধায়ক বিনন্দ শইকীয়াৰ নিজা সমষ্টিত ৰাইজৰ এনে দুৰ্দশা হোৱাতো অতি পৰিতাপৰ বিষয় ৷ এইয়া মাত্ৰ এখনহে ছবি, ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও এইদৰে সমস্যাজৰ্জৰ জীৱন কটাবলগীয়া হৈছে চহা জনতাই ৷

স্বাস্থ্য খণ্ডত উন্নয়নৰ নামত কি চলিছে ৰাজ্যত।দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ এই দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিৱ।এই ৰোগীজনীলৈ মন কৰক ঘোৰাশালৰ পৰা জনসেৱালৈ যোৱা এই পথৰ দুৰাবস্থা বাবে এই গৰাকী ৰোগীৰ ঠেলাত লৈ  যাৱ লগা হৈছে।নাহে এম্বুলেন্স পথৰ দুৰাবস্হাৰ বাবে মনেশ্বৰী দেৱী নামৰ এই মহিলা গৰাকীৰ জ্বৰ হোৱাৰ পিছতে চিকিৎসা সেৱাৰ বাবে এইদৰে ঠেলাত নিৱ লগা হৈছে প্ৰায় ডেৰ কিলোমিটাৰ

অকল ফটো আছে, ,,,

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.