নিউজ ডেস্ক, ২৪ চেপ্টেম্বৰ: কেৰালাৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ প্ৰাক্তন মুখ্য সচিব এম শিৱ শংকৰে বৃহস্পতিবাৰে কেৰালাৰ সোণ কেলেংকাৰীৰ ঘটনাৰ সোধপোছৰ বাবে কোচিস্থিত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইএৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়।
এনআইএৰ বিষয়া সকলৰ মতে, এই ঘটনাৰ মুখ্য অভিযুক্ত সকলৰ ভিতৰৰ অন্যমত অভিযুক্ত স্বপ্ন সুৰেশৰ উপস্থিতিত শিৱ শংকৰক জেৰা কৰাৰ সম্ভাৱনা আছে।
বিশেষ ভাৱে এনআইএয়ে উক্ত সোণৰ সৰবৰাহৰ ঘটনা সংক্ৰান্তত তৃতীয়বাৰৰ বাবে প্ৰাক্তন মুখ্য সচিবগৰাকীক সোধাপোছা অব্যাহত ৰাখিছে।
সোধপোছৰ বাবে বৃহস্পতিবাৰে দুপৰীয়া তেখেত আহি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইএৰ কোচিস্থিত কাৰ্যালয়ত আহি উপস্থিত হয়।
লগতে পঢ়ক: নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী সন্দৰ্ভত আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ