ETV Bharat / briefs

নগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষা কৰ্মীৰ প্ৰতিবাদ - Nagaon protest

বিগত ১৫ বছৰ ধৰি প্ৰতিবাদ কৰিও কোনো ফল লাভ নকৰা বুলিও অভিযোগ কৰে প্ৰতিবাদী শিক্ষাকৰ্মীয়ে ।

Nagaon teachers protest
নগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষা কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Oct 1, 2020, 9:20 PM IST

নগাঁও, ১ অক্টোবৰ: সৰ্বশিক্ষা অভিযান মিচনৰ অধীনত কাম কৰি ইউনিক আই ডি লাভ কৰা শিক্ষা কৰ্মী সকলে বৃহস্পতিবাৰে তেওঁলোকৰ বিভিন্ন দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা এই শিক্ষা কৰ্মী সকলৰ দাবী সমূহ হৈছে-বয়সৰ উৰ্ধসীমা ৰেহাই দিয়া,নিযুক্তিৰ পিচত ডি এল এড পৰীক্ষাৰ ব্যৱস্থা কৰা,উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৫০ শতাংশ নম্বৰ ৰেহাই দিয়া আদি ।

প্ৰতিবাদকাৰী সকলে কয় যে, ২০০৩-০৪ বৰ্ষত অভিযান মিচনৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত শিক্ষা সাৰথি,শিক্ষা কৰ্মী, ই ভি অৰ্থাৎ শিক্ষা স্বেচ্ছাসেৱক নামৰে তেওঁলোকক নিযুক্তি দিছিল । কিন্তু পিছত আমাক চাকৰিৰ পৰা আঁঁতৰাই দিয়ে । দেশৰ অন্য ৰাজ্যত এই শিক্ষা কৰ্মী সকলৰ চাকৰি নিয়মীয়া কৰিলে যদিও আমাক স্থায়ী নকৰিলে । উল্লেখযোগ্য যে, বিগত ১৫ বছৰ ধৰি প্ৰতিবাদ কৰিও কোনো ফল লাভ নকৰা বুলিও অভিযোগ কৰে প্ৰতিবাদী শিক্ষাকৰ্মীয়ে ।
লগতে পঢ়ক: SI কেলেংকাৰী : নলবাৰী আৰক্ষীৰ জালত পুনৰ চাৰি অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.