মৰিগাঁও, ৩০ ছেপ্টেম্বৰ : তিৱা স্বায়ত্ব পৰিষদত নিৰ্বাচনৰ দিন বাৰ ঘোষণা নকৰাৰ পূৰ্বে মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰী বাহিনীৰ বৃদ্ধি হৈছে নিৰ্বাচনী তৎপৰতা । কংগ্ৰেছৰ দখলত থকা পৰিষদীয় সমষ্টিটো উদ্ধাৰৰ বাবে আগতীয়াকৈ এইবেলি ককালত টঙালি বান্ধিছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তেেওঁৰ বিজেপি বাহিনী।
বুধবাৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা স্বায়ত্ব পৰিষদৰ 4 নং মানিপুৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী ৰণশিঙা বজাই কয় যে, " বিজেপি দললৈ কংগ্ৰেছ আৰু অগপৰ পৰা মানুহ হোৰাহুৰে আহি যোগদান কৰিছে। এইবাৰ তিৱা স্বায়ত্ব পৰিষদৰ 30 টা সমষ্টিতে বিজেপি জিকিব।"
লগতে পঢ়ক: গোঁসাইগাঁৱত হাতী দাঁতসহ আটক 4 জন লোক