মৰাণ, ৯ নৱেম্বৰ: পথ দুৰ্ঘটনাত নিহত আটাছুৰ সদস্যলৈ শ্ৰদ্ধাঞ্জলি আটাছুৰ মৰাণ আঞ্চলিক সমিতিৰ। উল্লেখ্য যে, দেওবাৰে আটাছুৰ বৰহাট আঞ্চলিক সমিতিৰ কাৰ্যনিবাহক সদস্য কৌশিক গগৈয়ে মৰাণত অনুষ্ঠিত আটাছুৰ চৰাইদেউ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি মটৰ চাইকেলেৰে নিজ বাসগৃহলৈ ওভতাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে।
সোমবাৰে আটাছুৰ মৰাণ আঞ্চলিক সমিতিৰ কাৰ্য্যালয়ত সংগঠনটোৰ কৰ্মকৰ্তা সকলে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
লগতে পঢ়ক : JEE পৰীক্ষা কেলেংকাৰীঃ ১২ দিনৰ ন্যায়িক জিম্মালৈ ভাৰ্গৱ ডেকা