ETV Bharat / briefs

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Sep 29, 2020, 7:38 PM IST

351 টকা দৈনিক হাজিৰা প্ৰদানৰ দাবীত মঙলবাৰে সমগ্ৰ অসমত চাহ শ্ৰমিকৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

Margherita protest
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী

মাৰ্ঘেৰিটা,২৯ ছেপ্টেম্বৰ: নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজেপি শাসিত ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ লগত চাহ জনগোষ্ঠীক জনজাতি কৰণ,স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব আদি বিভিন্ন দাবীৰে অসমৰ চাহ শ্ৰমিকে মঙলবাৰে ৰাজ্যজুৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মাৰ্ঘেৰিটা আৰু লিডুটো চাহ শ্ৰমিকে বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। চাহ শ্ৰমিকৰ বিভিন্ন দাবী সমুহক লৈ অসম চাহ মজদুৰ সংঘই এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে | 16 ছেপ্টেম্বৰ তাৰিখে বাগিচাই বাগিচাই এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচত 22 তাৰিখে সমগ্ৰ অসমৰ চক্ৰ বিষয়া কাৰ্যালয়ত 1 ঘন্টীয়া ধৰ্ণা দিয়াৰ অন্তত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু মঙলবাৰে ৰাজ্যজুৰি চাহ শ্ৰমিকে মানৱ শৃংখলৰ কাৰ্যসূচী ৰূপায়ণ কৰে |

লগতে পঢ়ক: অক্টোবৰৰ পৰা আৰম্ভ হ'ব মালিগাঁও উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.