ETV Bharat / briefs

অভিনেতা মনোজ বাজপেয়ীৰ মনলৈও আহিছিল আত্মহত্যাৰ দুশ্চিন্তা

author img

By

Published : Jul 2, 2020, 7:21 PM IST

১৯৯৪ চনত শ্বেখৰ কাপুৰৰ বেন্দিত কুইন (Bandit Queen) ছবিৰ জড়িয়তে প্ৰথমবাৰৰ বাবে বলীউডত খোজ পেলাইছিল অভিনেতা মনোজ বাজপেয়ীয়ে।

অভিনেতা মনোজ বাজপেয়ী
Manoj Bajpayee says he was contemplating suicide after NSD rejection

নিউজ ডেস্ক, ২ জুনঃ বলীউড অভিনেতা সূশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পাছতে বহুকেইগৰাকী বলীউড আৰু টেলিভিছন অভিনেতা-অভিনেত্ৰীয়ে নিজৰ অসুবিধা তথা দুঃচিন্তাৰ কথা খোলা-খুলিকৈ কোৱাৰ আৰম্ভ কৰিছে। মানসিক অশান্তিৰ পৰা আৰম্ভ কৰি আত্মহত্যা কৰিম বুলি মনলৈ অহা সকলো কথা কোৱা আৰম্ভ কৰিছে তাৰকাসকলে।

পদ্মশ্ৰীসহ দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা অভিনেতা মনোজ বাজপেয়ীয়ে কিছুদিন পূৰ্বে তেওঁৰ জীৱনৰ এটা আচৰিত সত্য সকলোৰে আগত প্ৰকাশ কৰিছে। কেৰিয়াৰৰ আৰম্ভণিতে কেনেদৰে কষ্ট কৰিবলগীয়া হৈছিল এই সন্দৰ্ভত উল্লেখ কৰি অভিনেতাগৰাকীয়ে কয় যে, "প্ৰথম অৱস্থাত মই কেতিয়াবা নিজৰ ওচৰতেই হাৰ মানিবলগীয়া গৈছিল ।"

"তদুপৰি মই কেইবাবাৰো National School of Dramaত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা দিছিলো । কিন্তু নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ নোহোৱাত মই আত্মহত্যা কৰিম বুলি ভাৱিছিলো। কিন্তু সেই সময়ত মোৰ বন্ধুই মোৰ জীৱন বচাইছিল ।"

বলীউড জগতত খোজ পেলোৱাৰ পূৰ্বে মনোজ বাজপেয়ীৰ কেতিয়াবা ঘৰ ভাড়া দিবৰ কাৰণেও চিন্তা কৰিবলগীয়া হোৱাৰ লগতে এটা বৰাপাও খোৱাৰ বাবে তেখেতৰ হাতত পইচা নাছিল বুলি উল্লেখ কৰে।

উল্লেখ্য যে, ১৯৯৪ চনত শ্বেখৰ কাপুৰৰ বেন্দিত কুইন (Bandit Queen) ছবিৰ জড়িয়তে প্ৰথমবাৰৰ বাবে বলীউডত খোজ পেলাইছিল অভিনেতা মনোজ বাজপেয়ীয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.