নেশ্যনেল ডেস্ক, ৩১ মে': সংযুক্ত ৰাষ্ট্ৰৰ প্ৰতিষ্ঠিত Military Gender Advocate of the Year বঁটাৰে সন্মানিত কৰা হব বুলি ঘোষণা হোৱাৰ পিছত মেজৰ সুমন গৱানীয়ে দেশবাসীক ইণ্টাৰনেটৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে ।
![মেজৰ সুমন গৱানীৰ ৰাষ্ট্ৰলৈ ধন্যবাদ জ্ঞাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:46_noname_3005newsroom_1590851277_542.png)
উত্তৰাখণ্ড নিৱাসী সুমন গৱানীয়ে ২০১৮ চনৰ নৱেম্বৰ মাহৰ পৰা ২০১৯ চনৰ ডিচেম্বৰলৈ UNMISSৰ সেনা পৰ্যবেক্ষক হিচাপে কাম কৰিছিল । এই অভিযানত তেওঁ সৈনিক পৰ্যবেক্ষকসকলৰ ক্ষেত্ৰত লিংগ সম্পৰ্কীয় দিশটোত মুখ্য ভুমিকা পালন কৰিছিল । সংযুক্ত ৰাষ্ট্ৰৰ এই অভিযানত দক্ষিণ চুডানত এগৰাকী সেনা পৰ্যবেক্ষক হিচাপে ২৩০ৰো অধিক সেনা পৰ্যবেক্ষকক উপদেশ আৰু মহিলা সেনা পৰ্যবেক্ষকৰ উপস্থিতি সুনিশ্চিত কৰে মেজৰ সুমন গৱানীয়ে ।
লিংগ সম্বন্ধীয় দিশটোত পুৰুষ আৰু মহিলাক পৃথক পৃথককৈ নিৰীক্ষণ কৰা হয়, কিন্তু মানুহৰ কামেহে মানুহৰ লিংগৰ পৰিচয় দাঙি ধৰে বুলি ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিজ অনুভৱ ব্যক্ত কৰে । লগতে তেওঁ ব্যক্ত কৰে যে, শান্তিৰক্ষক হোৱাৰ অনুভৱ সুকীয়া । এই ক্ষেত্ৰত সংযুক্ত ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে ।