ETV Bharat / briefs

মানৱতাৰ হকে নগাঁৱত আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ পদক্ষেপ - পোহৰ

প্ৰাধিকাৰীৰ সম্পাদিকা তথা ন্যায়িক বিষয়া প্ৰণিতা মৰণে জনোৱা অনুসৰি 'স্নেহবন্দন','অনুভূতি','পোহৰ' আদি প্ৰকল্পৰ জৰিয়তে মানসিকভাৱে অসুস্থি ব্যক্তিৰ পৰা আৰম্ভ কৰি বাটে-পথে অনাই-বনাই ঘূৰি ফুৰা লোকসকলৰ লগতে অসহায় বৃদ্ধসকলক উদ্ধাৰ কৰি চিকিৎসাৰ আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে ।

নগাওঁ আইন সেৱা প্ৰাধিকাৰীৰ উল্লখনীয় পদক্ষেপ
author img

By

Published : May 8, 2019, 9:14 AM IST

নগাঁও, ৮মে' : নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ প্ৰশংসনীয় পদক্ষেপ । জনসাধৰণ সুবিধাৰ বাবে আইন সেৱা প্ৰাধিকাৰীয়ে হাতত লৈছে কেবাটাও প্ৰকল্প । প্ৰাধিকাৰীৰ সম্পাদিকা তথা ন্যায়িক বিষয়া প্ৰণিতা মৰণে জনোৱা অনুসৰি 'স্নেহবন্ধন','অনুভূতি','পোহৰ' আদি প্ৰকল্পৰ জৰিয়তে মানসিকভাৱে অসুস্থ ব্যক্তিৰ পৰা আৰম্ভ কৰি বাটে-পথে অনাই-বনাই ঘূৰি ফুৰা লোকসকলৰ লগতে অসহায় বৃদ্ধসকলক উদ্ধাৰ কৰি চিকিৎসাৰ আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে ।

নগাঁৱত আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ পদক্ষেপ

আনহাতে, এচিড আক্ৰান্ত যুৱতীসকলৰ বাবেও গ্ৰহণ কৰিছে চাৰিটাকৈ উল্লেখনীয় পদক্ষেপ । অৰ্থৰ অভাৱত অথবা পিতৃ-মাতৃ নথকা যিসকল শিশুৱে ভিক্ষা বৃত্তিৰে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকক বাট দেখুওৱাৰ বাবেও ৰঙীন সপোন প্ৰকল্প নামেৰে এক পদক্ষেপ গ্ৰহণ কৰা বুলি জনাব পৰা গৈছে ৷

Intro:মানসিক বিকাগ্ৰস্তৰ চিকিৎসাৰ বাবে অনুভূতি, অসহায় বৃদ্ধ বৃদ্ধাৰ বাবে স্নেহবন্দন, কোনো নথকা শিশুৰ বাবে ৰঙীন সপোন আৰু এচিড আক্ৰান্ত কিশোৰী যুৱতীৰ বাবে গ্ৰহণ পোহৰ । নগাঁৱত কোনে গ্ৰহণ কৰিলে এনে পদক্ষেপ। চাওক আমাৰ এই প্ৰতিবেদনত।

Body:কৈছোঁ নগাওঁ আইন সেৱা প্ৰাধিকাৰীৰ কথা। বিগত কিছুদিন ধৰিয়ে নগাওঁ ন্যায় সেৱা প্ৰাধিকাৰীয়ে কেবাটাও প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ পিছত এইবাৰ হাতত লৈছে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প। বিগত দিনসমূহত কেবাগৰাকী অসহায় বৃদ্ধ, বৃদ্ধাৰ লগতে মানসিক বিকাৰগ্ৰস্ত লোককো উদ্ধাৰ কৰি চিকিৎসাৰ লগতে ব্যৱস্থা কৰিছে আশ্রয়ৰ। এতিয়া নগাওঁ ন্যায় সেৱা প্ৰাধিকাৰীয়ে অসহায় শিশু, বৃদ্ধ বৃদ্ধা, মানসিক বিকাৰগ্ৰস্ত লোকৰ ওপৰিও এচিড আক্ৰান্ত হোৱা কিশোৰী যুৱতীৰ বাবে হাতত লৈছে চাৰিটাকৈ প্ৰকল্প। ৰাস্তা ঘাটে অনাই বনাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত লোকক এতিয়া চিকিৎসাৰ লগতে শুশ্ৰূষাৰ ব্যৱস্থা কৰিব আইন সেৱা প্ৰাধিকাৰীয়ে। ইয়াৰ বাবে হাতত লৈছে অনুভূতি নামৰ এক প্ৰকল্প। বৃদ্ধ বয়সত অসহায় হৈ পৰা লোকক মৰম স্নেহত আশ্ৰয় দিয়াৰ বাবে গ্ৰহণ কৰিছে স্নেহবন্ধন প্ৰকল্প। আনকি অৰ্থৰ অভাৱত অথবা পিতৃ মাতৃৰ নথকাত পথৰ ভিক্ষাৰী হোৱা শিশুৰ বাবেও গ্ৰহণ কৰিছে ৰঙীন সপোন প্ৰকল্প। যাৰ জৰিয়তে অন্তত জীৱনৰ সপোন দেখাৰ পৰা বঞ্চিত নহয় তেনে বহু শিশু। লগতে এচিড আক্ৰান্ত যুৱতীৰ বাবেও গ্ৰহণ 'পোহৰ'। ই টি ভি ভাৰতক এই কথা অৱগত কৰে আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা ন্যায়িক বিষয়া প্ৰণিতা মৰণে।
bite.

Conclusion:এই প্ৰকল্পই নিঃসন্দেহে অন্ধকাৰ ভৱিষ্যতৰ পৰা পোহৰৰ বাট দেখুৱাব বহু শিশুক, জীৱনৰ অন্তিম সময়ত আশ্ৰয় পাব বহু অসহায় বৃদ্ধ, বৃদ্ধাই। এনে পদক্ষেপ সচাই প্ৰশংসনীয়।
-------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৮-৫-১৯
file footage 802,803,804 send by ftp
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.