এণ্টাৰটেইনমেণ্ট ডেস্ক, ২৩ জুনঃ প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে হোৱা বাৰ্তাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী লৌৰেণ গটলিবে। এই বাৰ্তা অনুসৰি,অভিনেত্ৰীগৰাকীয়ে সুশান্তক বলীউডৰ এজন প্ৰতিভাশালী অভিনেতা বুলি উল্লেখ কৰিছিল। নৃত্যশিল্পী লৌৰেণ গটলিবে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে সূশান্তৰ সৈতে হোৱা কথা-বতৰাৰ ক্ৰীণশ্বট।
- " class="align-text-top noRightClick twitterSection" data="
">
অভিনেত্ৰীগৰাকীয়ে এটা ক্ৰীণশ্বট শ্বেয়াৰ কৰি "আজি প্ৰথমবাৰৰ বাবে মই সুশান্তৰ সৈতে হোৱা কথোপকথনৰ লক্ষ্য কৰিছো। মেচেজ চাই থাকোতে সুশান্ত সৈতে হোৱা কথা-বতৰাবোৰ চকুত পৰিল। এই বাৰ্তাসমূহে মোক পুনৰ আৱেগিক কৰি তুলিছে। মোৰ সুশান্তৰ সৈতে এটা ভাল সম্পৰ্ক আছিল। কাৰণ দুয়োগৰাকীকে বলীউড জগতৰ পৰা বাহিৰত ৰখা হৈছিল" বুলি উল্লেখ কৰে।

"মই এই স্ক্ৰীণশ্বটটো এই কাৰণেই শ্বেয়াৰ কৰিছো যে, আমি সকলোকে সকলৰ লগত মৰম, আন্তৰিকতা তথা সহযোগিতাৰে ব্যৱহাৰ কৰিব লাগে, যেনেদৰে সুশান্তে কৰিছিল। মই বহুত হিংসা মনৰ তথা ঋণাত্মক চিন্তাধাৰাৰ ব্যক্তি দেখিছো। মই আপোনালোকক শোক কেনেদৰে ব্যক্ত কৰে এই সন্দৰ্ভত কোৱা নাই, কাৰণ চলিত সপ্তাহটোত মানসিকভাৱে মই বৰ দুৰ্বল হৈ পৰিছো । কিন্তু মই অনুভৱ কৰিছো যে,সুশান্তক সন্মান জনোৱাৰ বাবে এয়া এক উত্তম উপায়।" অভিনেতা সুশান্তক উদ্দেশ্যি ছ'চিয়েল মিডিয়াত এনেদৰে আৱেগভৰা মন্তব্য কৰে অভিনেত্ৰী লৌৰেণ গটলিবে।

লগতে চাওকঃ "গৰ্গ চেটাৰ্জীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাত ব্যৰ্থ সৰ্বা চৰকাৰ"-দেৱব্ৰত শইকীয়া