ETV Bharat / briefs

তাৰালাংছত ভূমি পট্টা বিতৰণ - Land patta distribution in taralangso karbi anglong assam etv bharat news

কাৰ্বি আংলঙৰ তাৰালাংছত 264 পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ ৷ এই পট্টা বিতৰণ কৰে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

তাৰালাংছত ভূমি পট্টা বিতৰণ
author img

By

Published : Feb 1, 2021, 8:48 PM IST

ডিফু, 1 ফেব্রুৱাৰী: কার্বি নৱবর্ষৰ প্রথম দিনটোত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুৰ সমীপৱর্তী তাৰালাংছত 264 টা পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে । তাৰালাংছৰ পিপ’লছ হলৰ চিংমিৰজেং আচেতাইত এই উদ্দেশ্যে আয়ােজিত এক সভাত মুখ্য কার্যবাহীগৰাকীয়ে ভূমি পট্টাসমূহ বিতৰণ কৰে ।

ভূমি পট্টা বিতৰণ কৰি সাংবাদিকৰ সৈতে হােৱা বার্তালাপত মুখ্য কার্যবাহীগৰাকীয়ে তাৰালাংছৰ লগতে লাংমিলি আৰু বৰলাংফেৰকে ধৰি ভিন্ন অঞ্চলত সোমবাৰৰ দিনটোত কমেও এহাজাৰতকৈ অধিক ভূমিৰ পট্টা বিতৰণ কৰাৰ কথা সদৰী কৰে । বিশেষকৈ কার্বি সম্প্রদায়ৰ লােকসকলে মাটিৰ পট্টাৰ বাবে ৰাজহ কার্যালয়লৈ নােযােৱাৰ বাবে জিলাখনৰ বিভিন্ন স্থানত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা বিনামূলীয়াকৈ মাটিৰ পট্টা বিতৰণৰ ব্যৱস্থা হাতত লােৱা হৈছে বুলি তুলিৰাম ৰংহাঙে কয় ।

Land patta distribution in taralangso karbi anglong assam etv bharat news
তাৰালাংছত ভূমি পট্টা বিতৰণ

বিজেপি চৰকাৰৰ শাসনকালত বিগত তিনিটা বছৰত কার্বি আংলঙত কমেও 2.75 লাখ লােকৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হােৱা বুলি মুখ্য কার্যবাহীগৰাকীয়ে উল্লেখ কৰে । এই অনুষ্ঠানত পৰিষদৰ ৰাজহ বিভাগৰ কার্যবাহী সদস্য অমৰছিং তিচ, কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্র, ৰাজহ বিভাগৰ কেইবাগৰাকীও বিষয়া আৰু পৰিষদৰ কার্যবাহী সদস্য, পৰিষদীয় সদস্য আদি উপস্থিত থাকে ।

লগতে পঢ়ক : ডিফুত কাৰ্বিসকলৰ নিংকান কিমি উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.