কৰিমগঞ্জ,7মাৰ্চ: বৃহস্পতিবাৰে কৰিমগঞ্জৰ বদৰপুৰত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী ।বদৰপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ৰে'লত তালাচী চলাই উদ্ধাৰ কৰা সামগ্ৰীখিনি ড্ৰাগছ বুলি নিশ্চিত কৰে ।আৰক্ষীৰ মতে উদ্ধাৰ হোৱা ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় 50 লক্ষাধিক টকা ।এই নিচাজাতীয় সামগ্ৰীখিনিৰ লগতে আটক কৰা হৈছে মহিলা সহ শিলচৰৰ দুজনকৈ লোকক ।
ইপিনে আটক হোৱা লোককেইজনে সামগ্ৰীখিনি শিলচৰৰ পৰা ত্ৰিপুৰালৈ নি থকা অৱস্থাতে আৰক্ষীৰ হাতত আটক হয় । বৰ্তমান আৰক্ষীৰ শোধপোচ অব্যাহত আছে ।