কৰিমগঞ্জ, ১০ নৱেম্বৰ: সম্প্ৰতি ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ । সাংবাদিক গৰাকীৰ মুক্তিৰ দাবীত চাৰিওদিশে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ।
মঙলবাৰে কৰিমগঞ্জ জিলাৰ বাজাৰিছৰাতো প্ৰতিবাদ সাব্যস্ত কৰে এবিভিপিৰ সদস্য সকলে । অৰ্ণৱৰ মুক্তিৰ দাবী আৰু মহাৰাষ্ট্ৰ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।