গুৱাহাটী : চলিত বৰ্ষৰ প্ৰথম ন মাহত অতি প্ৰতিকূল বতৰৰ বাবে প্ৰাণ হেৰুৱাইছে অসমৰ ২০০ ৰো অধিক লোকে । সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত মৃত্যুৰ সংখ্যা সৰ্বাধিক । চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাৰনমেণ্ট চমুকৈ CSE (Centre for Science and Environment) ৰ প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য ।
প্ৰতিবেদন মতে, চলিত বৰ্ষৰ প্ৰথম ন মাহত অতি প্ৰতিকূল বতৰত অসমত ২০১ জন, মেঘালয়ত ১৮ জন, মিজোৰামত ৪৫ জন, মণিপুৰত ৮ জন, নাগালেণ্ডত ২৫ জন, অৰুণাচল প্ৰদেশত ৫ জন, ত্ৰিপুৰাত ৮৬ জন প্ৰাণ হেৰুৱাইছে । অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত চলিত বৰ্ষৰ প্ৰথম ন মাহত অতি প্ৰতিকূল বতৰৰ বাবে মুঠ ৩৮৮ জনে প্ৰাণ হেৰুৱাইছে ।
প্ৰতিবেদনত উল্লেখ কৰা মতে, অসমত যোৱা ন মাহত অতি প্ৰতিকূল বতৰৰ বাবে শস্য ক্ষতিগ্ৰস্ত হৈছে ৪৮,২৮১ হেক্টৰ, পশুধনৰ মৃত্যু হৈছে ১৪০৮ টা, ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৭৭,৫৫৯ টা ।
- অসমত বৃদ্ধি পাইছে অতি প্ৰতিকূল বতৰৰ দিন :
অতি প্ৰতিকূল বতৰৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে পঞ্চম স্থানত আছে । তথ্য মতে, চলিত বছৰৰ ২৭৪ দিনৰ ভিতৰতে অসমত ১৩১ দিনে অতি প্ৰতিকূল বতৰ ৰেকৰ্ড কৰা হৈছে । মধ্যপ্ৰদেশত প্ৰতিকূল বতৰ আছিল ১৭৬ দিন আৰু এয়া দেশৰ ভিতৰতে সৰ্বাধিক । উত্তৰ প্ৰদেশত ১৫৬ দিন, হিমাচল প্ৰদেশত ১৩৬ দিন, মহাৰাষ্ট্ৰত ১৪২ জন আৰু অসমত ১৩১ দিন ।
তথ্য মতে, অসমৰ ১৩১ দিন অতি প্ৰতিকূল বতৰৰ ভিতৰত ১২২ দিন প্ৰৱল বৰষুণ , বানপানী, ভূমিস্খলন, ১২ দিন ধুমুহা আৰু ব্ৰজপাত আৰু ৩ দিন সাগৰীয় ধুমুহাৰ প্ৰভাৱ আছিল ।
- অতি বৃষ্টি, বানপানী আৰু ভূমিস্খলনত অসমত সৰ্বাধিক লোকৰ মৃত্যু :
তথ্য মতে, চলিত বৰ্ষৰ প্ৰথম ন মাহত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত অতি বৃষ্টি, বানপানী আৰু ভূমিস্খলনত অসমত সৰ্বাধিক লোকৰ মৃত্যু হৈছে । ঠিক সেইদৰে ধুমুহা আৰু ব্ৰজপাতৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ।
CSE ৰ প্ৰতিবেদন মতে, চলিত বৰ্ষৰ প্ৰথম ন মাহত অতি অতি বৃষ্টি, বানপানী আৰু ভূমিস্খলনত অসমত ১৮০ জন, মেঘালয়ত ৯ জন, মিজোৰামত ১৩ জন, মণিপুৰত ৩ জন, নাগালেণ্ডত ১৯ জন, অৰুণাচল প্ৰদেশত ৫ জন, ত্ৰিপুৰাত ৭৬ জন প্ৰাণ হেৰুৱাইছে ।
আকৌ চলিত বৰ্ষৰ প্ৰথম ন মাহত ধুমুহা আৰু ব্ৰজপাতৰ বাবে অসমত ১৯ জন, মেঘালয়ত ৪ জন, মিজোৰামত ২ জন, মণিপুৰত ২ জন, নাগালেণ্ডত ২ জন, ত্ৰিপুৰাত ১০ জন প্ৰাণ হেৰুৱাইছে । ঠিক সেইদৰে চলিত বৰ্ষৰ প্ৰথম ন মাহত সাগৰীয় ধুমুহাৰ বাবে অসমত ২ জন, মেঘালয়ত ৫ জন, মিজোৰামত ৩০ জন, মণিপুৰত ৩ জন, নাগালেণ্ডত ৪ জন প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়ক : মানাহত তিনিগুণ বৃদ্ধি ঢেঁকীয়াপতীয়াৰ সংখ্যা |