ETV Bharat / briefs

বাক্সা আৰক্ষীৰ জালত কেঁকো সাপ সহ 5 জন সৰবৰাহকাৰী

author img

By

Published : Oct 15, 2020, 11:14 AM IST

নিশা এক গোপন খবৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীৰ এটা দলে চিকনিবাৰীত দুডালকৈ কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে পাঁচজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ।

বাক্সাত আৰক্ষীৰ জালত  কেঁকো সাপ সহ 5 জন সৰবৰাহকাৰী

বাক্সা, 15 অক্টোবৰ : তামুলপুৰ মহকুমাৰ চিকনিবাৰীত তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই দুডালকৈ দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে পাঁচজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন লোক কেইজন হৈছে শিলচৰৰ জাঞ্জাবাৰীৰ মোষ্টাক আলি, ঢেঁকীয়াজুলিৰ কৃষ্ণ দেৱনাথ, স্বপন দাস, চিকনিবাৰীৰ জয়নাল আলি আৰু কামৰূপ জিলাৰ তুলসীবাৰীৰ ৰূপম দেৱনাথ ।

বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰা আৰু দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে চিকনিবাৰীত অভিযান চলাই জয়নাল আলিৰ ঘৰৰ পৰা দুডালকৈ কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে পাঁচজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় । ইতিমধ্যে সেই ঠাইৰ পৰা ঢেকীয়াজুলি নিবাসী ইকবাল আহমেদ নামৰ আন এজন লোক পলাই যাবলৈ সক্ষম হয় । ইফালে আৰক্ষীয়ে জানিব দিয়া মতে, কেঁকো সাপ দুডাল বেচা-কিনাৰ বাবে দাম দৰ চলি আছিল আৰু সেই সময়তে আৰক্ষীৰ দলটিয়ে লোক কেইজনক হাতে-লোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোক কেইজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক ভূমি এৰি দিয়া নহ’ব: সাংসদ অজিত ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.