ইন্টাৰনেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেন্টাগনৰ প্ৰতিৰক্ষা সচিব খ্ৰীছ মিলাৰৰ চীফ অব ষ্টাফ হিচাপে নিৰ্বাচিত হৈছে মাৰ্কিন ভাৰতীয় কাশ পেটেল ৷ ড'নাল্ড ট্ৰাম্পে পূৰ্বৰ প্ৰতিৰক্ষা সচিব মাৰ্ক এচপাৰক নিলম্বিত কৰি খ্ৰীছ মিলাৰক নিযুক্তি প্ৰদানৰ এদিন পিছতে চীফ অব ষ্টাফ হিচাপে নিৰ্বাচিত হয় কাশ।
সম্প্রতি নেশ্যনেল চিকিউৰিটি কাউন্সিল ষ্টাফৰ পদত অধিষ্ঠিত কাশ পেটেলক মঙলবাৰে খ্ৰীছ মীলাৰে তেখেতৰ চীফ ষ্টাফ হিচাপে নিযুক্ত কৰে। ইয়াৰ পূৰ্বে এই পদত অধিষ্ঠিত আছিল জেন ষ্টিৱাৰ্ড।
কাশ্যপ প্ৰমোদ পেটেল ওৰফে কাশ পেটেলে হাউচ পাৰমানেন্ট চিলেক্ট কমিটিৰ চিনিয়ৰ কেউঞ্চেল হিচাপে কৰ্মৰত আছিল। ২০১৯ বৰ্ষত ৩৯ বছৰ বয়সত তেখেত হোৱাইট হাউচৰ ‘Counterterrorism Directorate of the National Security Council’ৰ চিনিয়ৰ ডাইৰেক্টৰ হিচাপে নিযুক্ত হৈছিল।
নিউয়ৰ্কত জন্মলাভ কৰা পেটেলৰ মূল শিপা গুজৰাটত। যদিও তেখেতৰ পিতৃ মাতৃ পূৱ আফ্রিকাৰ। তেখেতৰ মাতৃ তানজানিয়া আৰু পিতৃ য়ুগাণ্ডাৰ। তেখেতৰ পিতৃ-মাতৃ ১৯৭০ চনত নিউয়ৰ্কলৈ আহে।
পেটেলে নিউয়ৰ্কত স্কুলীয়া শিক্ষা আৰু ভাৰ্জিনিয়াৰ ৰিছমণ্ডৰ পৰা কলেজীয়া শিক্ষা লাভ কৰাৰ উপৰিও নিউয়ৰ্কৰ পৰা আইন বিদ্যালয়ত অধ্যয়ন সম্পন্ন কৰে। ইয়াৰ পৰা তেখেতে ফ্ল'ৰিদাত চাৰি বছৰ পাব্লিক ডিফেঞ্চ আৰু পুনৰ চাৰি বছৰ ফেডাৰেল পাব্লিক ডেফেঞ্চত কৰ্মৰত আছিল।
লগতে পঢ়ক : পাকিস্তানৰ চৰকাৰী কৰ্মচাৰী বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ