ETV Bharat / briefs

বিগত ২৪ ঘন্টাত ভাৰতত ৯০,৮০২ গৰাকী লোক নতুনকৈ ক'ভিড 19ত আক্ৰান্ত হৈছে

ভাৰতত ক'ভিড আক্ৰান্তৰ সংখ্যাই ৪২ লাখ অতিক্ৰম কৰিলে । দেওবাৰে সংগ্ৰহ কৰা হৈছে ৭.২০.৩৬২ জন লোকৰ স্বাৱৰ নমুনা। ভাৰতত এই পৰ্যন্ত ৭১,৬৪২জন লোকৰ ক'ভিডত মৃত্যু হৈছে ।

কোভিড-১৯ৰ বিভিন্ন ৰাজ্যৰ তথ্যসমূহ থোৰতে
কোভিড-১৯ৰ বিভিন্ন ৰাজ্যৰ তথ্যসমূহ থোৰতে
author img

By

Published : Sep 7, 2020, 1:41 PM IST

নতুন দিল্লী, ৭ চেপ্তেম্বৰঃ বিগত ২৪ ঘন্টাৰ ভিতৰত ভাৰতত ক'ভিডত আক্ৰান্তৰ ঘটনা যথেষ্ট হাৰত বৃদ্ধি পাইছে । তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ভাৰততত ৯০,৮০২ টা নতুনকৈ ক'ভিড আক্ৰান্তৰ ঘটনা নথিভুক্ত হৈছে । ইয়াৰ লগে লগে ভাৰতত ক'ভিড আক্ৰান্তৰ সংখ্যাই ৪২ লাখ অতিক্ৰম কৰিলে ।

বিগত ২৪ ঘন্টাত মুঠ ১,০১৬ গৰাকী লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে । ইয়াৰে মুঠ ৪২,০৪,৬১৪ ঘটনাৰ ভিতৰত ৮,৮২,৫৪২টা ঘটনা সক্ৰিয় বুলি প্ৰকাশ কৰিছে, লগতে ৩২,৫০,৪২৯ জন ক'ভিড আক্ৰান্ত লোক ইতিমধ্যে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে । একেদৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত এই পৰ্যন্ত ৭১,৬৪২জন লোকৰ ক'ভিডত মৃত্যু হৈছে ।

ক'ভিডত আটাইতকৈ ক্ষতিগ্রস্ত ৰাজ্য হিচাপে এতিয়াও শীৰ্ষত আছে মহাৰাষ্ট্ৰ । য'ত দেওবাৰলৈকে ২৩,৩৫০ টা নতুন ক'ভিডৰ ঘটনা পঞ্জীয়ন হৈছে । ৰাজ্যখনত ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৯ লাখ অতিক্ৰম কৰিছে ।

ৰাজ্যখনৰ জনস্বাস্থ্য বিভাগে জনোৱা অনুসৰি যোৱ দেওবাৰে ২৩,৩৫০ জন লোকৰ স্বাৱ পৰীক্ষাত পজিটিভ অহাৰ বিপৰীতে এই পৰ্যন্ত সৰ্বাধিক ৯,০৭,২১২ জন লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ।

সেই অনুসৰি মহাৰাষ্ট্ৰত কৰণা ভাইৰাছত এই পৰ্যন্ত ৭,৮২৬ গৰাকী লোক আৰোগ্য হৈছে আৰু ৩২৮ জন লোকৰ মৃত্যু হৈছে ।

ইণ্ডিয়ান মেডিকেল কাউন্সিলে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত যোৱা ৬ চেপ্তেম্বৰলৈকে ৪,৯৪,৫১,৫০৭ জন লোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰা হৈছে । ইয়াৰ ভিতৰত দেওবাৰে সংগ্ৰহ কৰা ৭.২০.৩৬২ জন লোকৰ স্বাৱৰ নমুনাও অন্তৰ্গত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.