ETV Bharat / briefs

"এয়া বহুত কঠিন পৰিস্থিতি। আমি দুয়োখন দেশকে সহায় কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো"- ড'নাল্ড ট্ৰাম্প - আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

ভাৰত -চীনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মন্তব্য প্ৰকাশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশৰ লগত যোগাযোগত থাকি সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

donald trump
donald trump on india china face off
author img

By

Published : Jun 21, 2020, 4:17 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, ২১ জুনঃ লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । "এয়া বহুত কঠিন পৰিস্থিতি। আমি ভাৰত আৰু চীন দুয়োখন দেশৰ লগতে কথা পাতি আছো" বুলি উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

ভাৰত আৰু চীনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ড'নাল্ড ট্ৰাম্পৰ স্থিতি কি বুলি সোধা প্ৰশ্নত ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে,"এয়া বহুত কঠিন পৰিস্থিতি। আমি ভাৰত আৰু চীন দুয়োখন দেশৰ লগতে কথা পাতি আছো। চাও কি কৰিব পাৰো। দুয়োখন দেশকে আমি সহায় কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো।"

ইয়াৰ পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পোম্পিয়োই চীনা সেনাবাহিনীয়ে ভাৰতৰ সীমান্তত উত্তেজনা বৃদ্ধি কৰিছে বুলি মন্তব্য কৰিছিল। লগতে, তেখেতে চীনৰ কমিউনিষ্ট পাৰ্টীসমূহক দুষ্ট দল বুলি অভিহীত কৰিছিল।

লাডাখত সংঘটিত এই ঘটনা সন্দৰ্ভত হোৱাইত হাউচৰ প্ৰেচ সচিব কায়লে মেকনীয়ে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প এই ঘটনা সন্দৰ্ভত অৱগত বুলি উল্লেখ কৰিছিল। লগতে পূৰ্ব লাডাখত সংঘটিত হোৱা ভাৰত আৰু চীন সেনাৰ মাজৰ যুদ্ধসদৃশ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি থকা বুলি প্ৰকাশ কৰিছিল। লগতে, চীনা সৈন্যৰ আক্ৰমনত শ্বহীদ হোৱা ভাৰতৰ বীৰ জোৱানসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল কায়লে মেকনীয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.