মৰিগাঁও,১৪মে': মৰিগাঁও জিলাৰ লাহৰীঘাট ব্লক পি এইছ চিৰ অধীনৰ মৈৰাবাৰীস্থিত গোনাইবড়ীৰ এটা উপ-স্বাস্থ্যকেন্দ্ৰ । 4 বছৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই স্বাস্থ্যকেন্দ্ৰটো। কিন্তু আজি দহবছৰ উকলি যোৱাৰ পিচতো স্বাস্থ্যকেন্দ্ৰটো বৰ্তমানেও মুকলি নোহোৱাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । ইফালে আশাকৰ্মীসকলে সেই স্বাস্থ্যকেন্দ্ৰটোত প্ৰসূতিসকলৰ লগতে শিশুসকলক সেৱা জনোৱাৰ বাবে ব্যৱস্থা কৰিছিল যদিও স্বাস্থ্যকেন্দ্ৰটোৰ সন্মুখত পুখুৰী খন্দাৰ বাবে সেয়াও বন্ধ হৈ পৰে। স্থানীয় ৰাইজৰ মতে গৃহ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰজনে যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগত লগ হৈ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা দুৰ্নীতি চলাই আহিছে ।
উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ দিনতে হিমন্ত বিশ্ব শৰ্মাই এই উপ-স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ কৰিবলৈ ধন আবন্টন দিছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনতো উপ-স্বাস্থ্যকেন্দ্ৰটো মুকলি নোহোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী। ইফালে স্বাস্থ্যকেন্দ্ৰটো মুকলি কৰাৰ বাবে চৰকাৰৰ বহুবাৰ আবেদন জনোৱা হৈছিল যদিও চৰকাৰে তথা স্বাস্থ্য বিভাগেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।