ETV Bharat / briefs

ৰঙাপৰাত বিশেষভাৱে সক্ষম ব্যক্তিৰ চিনাক্তকৰণ শিৱিৰ - ৰঙাপৰা বিধানসভা সমষ্টি

ৰঙাপৰা বিধানসভা সমষ্টিত থকা বিশেষভাৱে সক্ষম ব্যক্তিসকল যাতে উপযুক্ত প্ৰমাণ পত্ৰ নথকাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ পৰা বঞ্চিত নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগে এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰে ।

ৰঙাপৰাত বিশেষভাৱে সক্ষম ব্যক্তিৰ চিনাক্তকৰণ শিৱিৰ
Health camp in Rangpara for specially challange people
author img

By

Published : Dec 17, 2020, 6:04 PM IST

ৰঙাপৰা, ১৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৰঙাপৰা সংহত শিশু বিকাশ প্ৰকল্পৰ সৌজন্যত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত বৃহস্পতিবাৰে বিশেষভাৱে সক্ষম ব্যক্তিৰ চিনাক্তকৰণ শিৱিৰ অনুষ্ঠিত হয় । ৰঙাপৰা বিধানসভা সমষ্টিত থকা বিশেষভাৱে সক্ষম ব্যক্তিসকল যাতে উপযুক্ত প্ৰমাণ পত্ৰ নথকাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ পৰা বঞ্চিত নহয় তাৰবাবে জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগে এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰে । ৰঙাপৰা সমূহীয়া শ্ৰমিক উন্নয়ন কেন্দ্ৰত বিশেষভাৱে সক্ষম ব্যক্তিৰ চিনাক্তকৰণটো শিবিৰ অনুষ্ঠিত হয় ।

শিৱিৰত জিলাখনৰ চিকিৎসক ক্ৰমে ড০ ৰঞ্জন কুমাৰ কলিতা,ড০ সমীৰ শৰ্মা, ড০ সঞ্জীৱ কুমাৰ মেধী, ড০ সংগীতা শৰ্মা, ড০ যতিন নাৰ্জাৰী উপস্থিত থাকি স্বাস্থ্য পৰীক্ষাৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলক চিনাক্তকৰণ কৰে । ইফালে শিবিৰত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জিয়াৰউদ্দিন আহমেদ,সমাজ কল্যাণ বিভাগৰ জিলা বিষয়া তথা তেজপুৰ কোষৰ মাণ্ডলিক বিষয়া চামচেৰা হাজৰিকা, ৰঙাপৰা সংহত শিশু বিকাশ প্ৰকল্পৰ বিষয়া মিনা চাৰেংগীয়া,কৰ্মচাৰী মুকুট বৰা আদিকে ধৰি অংগনাবাদী কেন্দ্ৰৰ কৰ্মীসকল উপস্থিত আছিল । উল্লেখ্য যে ৰঙাপৰাত দুশৰো অধিক বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰমাণ পত্ৰ পোৱাৰ আশাৰে শিবিৰত উপস্থিত হয় ।

লগতে চাওকঃ অসমীয়াক অপদস্থঃ অনাঅসমীয়া ব্যৱসায়ীক সকিয়নী বীৰ লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.