গোলকগঞ্জ,৭জুন : শুকুৰবাৰে গোলকগঞ্জৰ ছোটগুমাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । পাৰিবাৰিক কন্দলত প্ৰাণ যায় এজনৰ । ৰ্সুশান্ত ৰায় নামৰ এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে আবলা ৰায় নামৰ এজন ব্যক্তিক । নিহত ছোটগুমাৰ আবলা ৰায়ক স্থানীয় ৰাইজৰ সহায়ত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত্যু ঘোষণা কৰে লোকজনক । জাৱৰ পেলোৱাক কেন্দ্ৰ কৰি সংঘটিত হোৱা কাজিয়াই হত্যাৰ ৰূপ লয় শেষত ।
ইফালে, ঘটনা সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী সুশান্ত ৰায়ে । বৰ্তমান সুশান্তক ছোটোগুমা আদালতলৈ প্ৰেৰন কৰা হয় ।