ETV Bharat / briefs

উপযুক্ত মূল্য নাপাই হতাশ গোলাঘাটৰ ৰঙালাউ খেতিয়ক

author img

By

Published : May 8, 2019, 10:41 AM IST

ত্ৰৈলোক্য সন্দিকৈ নামৰ খেতিয়কজনে ৫০ বিঘা মাটিত আৰু খগেন ছেত্ৰীয়ে ৪০বিঘা মাটিত  কৰিছিল ৰঙালাউ খেতি । কিন্তু প্ৰতি কেজি ৰঙালাউৰ বিপৰীতে কৃষক দুজনে লাভ কৰিছে মাত্ৰ ৪-৫ টকাহে। ইফালে,কঠোৰ শ্ৰমৰ লগতে নিশা টঙী ঘৰত টোপনি ক্ষতি কৰি বন্যহস্তী খেদি কৃষকসকলে উৎপাদন কৰা ৰঙালাউসমূহ আকৌ মধ্যভোগীয়ে বজাৰত প্ৰতি কেজিত ৪০ টকাকৈ বিক্ৰী কৰে বুলি অভিযোগ কৰিছে কৃষক দুগৰাকীয়ে ।

গোলাঘাটত কৃষকৰ দুৰৱস্থা

গোলাঘাট,৮মে' : গোলাঘাট জিলাৰ দ চমুৱাৰ শগুনপাৰাৰ দুগৰাকী কৃষকে অতি কষ্ট অথচ আশাৰে কৰিছিল ৰঙালাউ খেতি। ত্ৰৈলোক্য সন্দিকৈ নামৰ খেতিয়কজনে ৫০ বিঘা মাটিত আৰু খগেন ছেত্ৰীয়ে ৪০বিঘা মাটিত কৰিছিল ৰঙালাউ খেতি । কিন্তু প্ৰতি কেজি ৰঙালাউৰ বিপৰীতে কৃষক দুজনে লাভ কৰিছে মাত্ৰ ৪-৫ টকাহে। ইফালে,কঠোৰ শ্ৰমৰ লগতে নিশা টঙী ঘৰত টোপনি ক্ষতি কৰি বন্যহস্তী খেদি কৃষকসকলে উৎপাদন কৰা ৰঙালাউসমূহ আকৌ মধ্যভোগীয়ে বজাৰত প্ৰতি কেজিত ৪০ টকাকৈ বিক্ৰী কৰে বুলি অভিযোগ কৰিছে কৃষক দুগৰাকীয়ে ।

গোলাঘাটত কৃষকৰ দুৰৱস্থা

তেওঁলোকৰ মতে মধ্যভোগীয়ে কৃষকসকলৰ পৰা কম মূল্যতে উৎপাদিত সামগ্ৰীসমূহ ক্ৰয় কৰি বজাৰত অধিক মূল্যত বিক্ৰী কৰে । যাৰ বাবে কৃষকসকলে দুৰ্ভোগ ভুগিবলগীয়া হয় । ৫০ বিঘা মাটিত কৰা ৰঙালাউ খেতিয়ে কৃষকদুজনক ভাল ফল দিব বুলি আশা কৰিছিল যদিও উপযুক্ত দাম লাভৰ পৰা বঞ্চিত হৈ দ'মে দ'মে পেলাই দিবলগীয়া হয় ৰঙালাউ ৷ কঠোৰ পৰিশ্ৰমৰ উপযুক্ত মূল্য লাভ নকৰা এইসকল কৃষকৰ হা0হুমুনিয়াহ শুনিবনে চৰকাৰে?

Intro:গোলাঘাটৰ এক কৃষি প্ৰধান এলেকা “দ” চমুৱা গাৱঁত এতিয়া কৃষকৰ মাজত হাঁহি বিৰিঙাব পৰা নাই। কাৰণ কৃষক সকলৰ উৎপাদিত ফচল চপোৱাৰ পিছতো নাই উচিত বজাৰ মূল্য ৷
Body:নদীক মাতৃ বুলি কোৱা হয় ৷ এই মাতৃ স্বৰূপ দৈয়াং নদী আৰু এৰাসূতী শগুণপাৰা বিলৰ পাৰৰ সাৰুৱা উৰ্ব্বৰা ভূমিত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা শ শ কৃষকৰ লগতে গোলাঘাটৰ “দ” চমুৱাৰ শগুনপাৰাৰ দুই কৃষক ত্ৰলোক্য সন্দিকৈ আৰু খগেন ছেত্ৰীয়ে বিভিন্ন খেতিৰ লগতে খগেন ছেত্ৰীয়ে ৪০ বিঘা মাটিত আৰু ত্ৰলোক্য সন্দিকৈ ৫০ বিঘা মাটিত ৰঙালাউ খেতি কৰি সাফল্য লাভ কৰিছে ৰঙালাও উৎপাদনত ৷ কিন্তু পৰ্যাপ্ত পৰিমাণে ফচল উৎপাদনৰ পিছতো খেতিয়কৰ মুখত হাঁহি নাই । তেওঁলোকৰ শ্ৰমৰ উচিত মূল্য নাই মাত্ৰ ৪ ৰ পৰা ৫ টকা কেজি কৈ বিক্ৰী কৰিব লগা হৈছে বজাৰত ৷ কৃষি পথাৰত গুটি সিচাৰ পিছৰে পৰা অন্যান্য খৰছ সমূহ হিচাপ কৰিলে শ্ৰমৰ মূল্য ও লাভ নকৰে কৃষকে । কঠোৰ শ্ৰমৰ লগতে নিশা টঙী ঘৰত টোপনি ক্ষতি কৰি বন্যহস্তী খেদি ফচল উৎপাদন কৰা এনে কৃষকৰ উৎপাদিত ৰঙালাউ মধ্য ভোগীয়ে বজাৰত বিক্ৰী কৰে প্ৰতি কেজিত ৪০ টকাকৈ ৷ বজাৰত মধ্য ভোগীৰ দপ দপনিয়ে ভাঙি চুৰমাৰ কৰিছে ত্ৰলোক্য ,খগেনৰ দৰে কৃষকৰ সপোন বোৰ ৷ কৃষকৰ বাবে থকা চৰকাৰী বিয়াগোম কৃষি বিভাগেও এনে কৃষকৰ নামত আচনি ঘোষণা কৰি খেটি নকৰা লোকক হে সুবিধা দিয়ে ৷ শেহতীয়া কৈ বিজেপি চৰকাৰে কৃষিৰ সজুঁলি সমূহ ক্ৰয় কৰিবৰ বাবে প্ৰদান কৰা আচনিৰ ধন বিতৰনতো দুৰ্নীতিৰ আশ্ৰয় ললে কৃষি বিভাগে ৷ প্ৰকৃত কৃষকক বঞ্চিত কৰি খেতি নকৰা লোকক হে সুবিধা দিয়া হয় ৷ সেয়েহে তেজক পানী কৰি হাৰক মাটি কৰি কৰা কৃষকৰ শ্ৰমৰ উচিত মূল্য দিবৰ বাবে পৰিবৰ্তনকামী চৰকাৰ খনে ব্যৱস্থা গ্ৰহণ কৰিবনে ? এয়া সচেতন
ৰাইজৰ প্ৰশ্ন ।Conclusion:byte 1: খগেন চেত্ৰী
byte 2 : ত্ৰলোক্য সন্দিকৈ
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT ,অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.