বিশ্বনাথ, ৯ ছেপ্টেম্বৰ: মঙলবাৰে বিশ্বনাথ জিলাৰ গহপুৰত গহপুৰৰ শ্বহীদ নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত কেইবাটাও দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
শ্বহীদ নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত দাবী জনাই গহপুৰৰ বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন মহাবিদ্যালয় স্থাপন কৰা, শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ একোজনকৈ সদস্যক সংস্থাপন দিয়াৰ লগতে অসম আন্দোলনত নিৰ্যাতিত পৰিয়ালক ক্ষয়-ক্ষতি দিয়া আৰু ১৯৮৩ চনত গহপুৰৰ উত্তৰ অঞ্চলৰ অগ্নিকাণ্ডত বিধস্ত সকলক ক্ষতিপূৰণৰ দাবীত মঙলবাৰে গহপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত শ্বহীদ পৰিয়ালৰ সমন্বয়ৰক্ষী সমিতিয়ে এই অৱস্থান ধৰ্মঘট পালন কৰে ।
ইফালে সমন্বয়ৰক্ষী সমিতিৰ সদস্য অনন্ত বৰাই জানিবলৈ দিয়া যে আগন্তুক নিৰ্বাচন পূৰ্বে আমাৰ দাবী সমুহ চৰকাৰে যদি পূৰণ নকৰে আগন্তুক নিৰ্বাচনত তাৰ উত্তৰ ফল ভুগিব লাগিব বুলি উল্লেখ কৰি দাবী সমুহ শীঘ্ৰে পূৰণৰ দাবী জনাই ।
লগতে চাওকঃমৰিগাঁৱত আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল