ETV Bharat / briefs

ক'ভিড-১৯ঃ বিশ্বৰ শেহতীয়া তথ্য ! - কৰ'ণা মহামাৰী

সোমবাৰ পৰ্যন্ত সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৩,৩৩,১০,৯৫৩ গৰাকী লোক।

Global covid19 tracker
ক'ভিড-১৯ঃ বিশ্বৰ শেহতীয়া তথ্য !
author img

By

Published : Sep 28, 2020, 4:04 PM IST

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ত্ৰাস। সোমবাৰ পৰ্যন্ত সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৩,৩৩,১০,৯৫৩ গৰাকী লোক। ইয়াৰে কভিড-১৯ ত আক্ৰান্ত ১০,০২,৪৫২ গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে । তদুপৰি এই‌ পৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ২,৪৬,৩৯,০৬৪ গৰাকীতকৈ অধিক লোকে।

অষ্ট্ৰেলিয়াৰ কৰʼণা ভাইৰাছৰ হটস্পট ভিক্ট'ৰিয়া ৰাজ্য‌ই বিগত তিনিমাহতকৈ অধিক সময়ত দেশৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ মেলবৰ্ণত কৰʼণা ভাইৰাছৰ সংক্ৰমণৰ সবাতোকৈ কম সংখ্যা পোহৰলৈ আহিছে । ইতিমধ্যে চহৰখনত লকডাউনৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা সমূহকো যথেষ্ট ক্ষেত্ৰত ৰেহাই দিয়া‌ হৈছে।

Global covid19 tracker
ক'ভিড-১৯ঃ বিশ্বৰ শেহতীয়া তথ্য !

মেলবৰ্ণত কৰ'ণা ভাইৰাছৰ বাবে জাৰি কৰা‌ প্ৰতিবন্ধকতা সমূহৰ ক্ষেত্ৰত কিছু সহজ কৰি দিয়াৰ ফলত অধিকাংশ শিক্ষাৰ্থী স্কুললৈ উভতাৰ সম্ভাৱনা আছে আৰু ১,২৫,০০০ লাখ লোকে নিজৰ নিজৰ কৰ্মস্থানলৈ উভতিব।

আনহাতে দক্ষিণ কোৰিয়াতো এদিনত সৰ্বনিম্ন নতুনকৈ ৫০ গৰাকী লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিত ধৰা পৰিছে। যিটো নেকি বিগত ৫০ দিনৰ ভিতৰৰ সৰ্বনিম্ন আক্ৰান্তৰ সংখ্যা।

লগতে পঢ়ক: পি কে দত্তৰ পৰ্বতসম সম্পত্তিৰ অনুসন্ধানৰ বাবে ৰুজু হ’ব গোচৰ:ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.