ETV Bharat / briefs

বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য

author img

By

Published : Jun 10, 2020, 2:19 PM IST

মহামাৰী কৰ'ণা ভাইৰাছৰ আৰম্ভণি হোৱা চীনত বুধবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ কোনো লোক মৃত্যুমুখত পৰা নাই। শেহতীয়া তথ্য অনুসৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা তিনিজন লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে। দেশখনত কেৱল ৫৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে ।

 COVID-19
Global COVID-19 tracker

ইণ্টাৰনেশ্বনেল ডেস্ক, ১০ জুনঃ বিশ্বজুৰি কালৰূপ ধাৰণ কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত মৃত্য হৈছে ৪,১২,৯৯৭ গৰাকী লোকৰ। কোভিড-১৯ৰ কৱলত পৰিছে বিশ্বৰ প্ৰায় ২১৩ খন দেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। এইপৰ্যন্ত ৭৩,১১,৬৬০ গৰাকী লোকলৈ এই ভাইৰাছ সংক্ৰমিত হৈছে। আনহাতে, ৩৫,৯৬,০০০ গৰাকীৰ অধিক লোকে আৰোগ্য লাভ কৰিছে।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি দক্ষিণ কোৰিয়াত নতুনকৈ কোভিড-১৯ ত আক্ৰান্ত হৈছে ৫০ গৰাকী লোক। দেশখনত কোভিড ১৯ সংক্ৰমণ ৰোধৰ বাবে জিম, নাইট ক্লাৱ আদিত গ্ৰাহকৰ স্মাৰ্টফোনৰ কিউআৰ কোডসমূহৰ সৈতে সংলগ্ন কৰা হৈছে। যাতে কোনো লোক কোভিড ১৯ আক্ৰান্ত হ'লে শীঘ্ৰে চিনাক্ত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, মে' মাহৰ অন্তিম ভাগত দেশখনত প্ৰতিদিনে কোভিড-১৯ আক্ৰান্ত হৈছিল ৩০ৰ পৰা ৫০ গৰাকী লোক ।

ইফালে, মহামাৰী কৰ'ণা ভাইৰাছৰ আৰম্ভণি হোৱা চীনত বুধবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ কোনো লোক মৃত্যুমুখত পৰা নাই। শেহতীয়া তথ্য অনুসৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা তিনিজন লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে । দেশখনত কেৱল ৫৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। লগতে, কোভিড-১৯ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা আন ১৫৭ গৰাকী লোকক নিৰীক্ষণত ৰখা হৈছে।

দেশখনত কোভিড-১৯ত আক্ৰান্ত হোৱা অধিকাংশ লোকেই দুই-তিনি সপ্তাহ ধৰি কাহ-জ্বৰত ভোগি আছিল । আনহাতে, মৃত্যু হোৱা লোকসকলৰ অধিকাংশই নিমোনিয়া, শাৰিৰীক দুৰ্বলতা আৰু অন্য ৰোগত আক্ৰান্ত প্ৰাপ্তবয়স্ক লোক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.