শোণিতপুৰ, 5 এপ্ৰিলঃ বিহপুৰীয়াত কংগ্ৰেছৰ নিৰ্বাচনী সভাত আশা ভংগ হ'ল কংগ্ৰেছী সমৰ্থকৰ । বিহপুৰীয়া নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত নোৱাৰ বাবেই সভাৰ পৰা নিৰাশ হৈ উভটিলে কংগ্ৰেছী সমৰ্থক ৷ উল্লেখ্য যে, শুকুৰবাৰে বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হোৱাৰ কথা আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ কিন্তু পুৱা 10 বজাত উপস্থিত হ'বলগীয়া হুছেইন আবেলি তিনি বজা পৰ্যন্ত উপস্থিত ন'হল ৷ বৰষুণৰ ফলত হেলিকপ্টাৰ উৰিব নোৱাৰা বাবেই নিৰ্বাচনী প্ৰচাৰত অংশ নলয় বুলি ঘোষণা কৰিলে কংগ্ৰেছ কৰ্মীয়ে ৷ যাৰ বাবে প্ৰতিকুল বতৰকো নেউচি নিৰ্বাচনী সভাত অংশ লবলৈ অহা কংগ্ৰেছী সমৰ্থকসকলে নিৰাশ হৈ উভতিবলগীয়া হয় ঘৰমুখে ৷
কংগ্ৰেছী সমৰ্থকক নিৰাশ কৰিলে ৰকিবুল হুছেইনে - বিহপুৰীয়া
শুকুৰবাৰে তেজপুৰ লোকসভা সমষ্টিৰ বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হোৱাৰ কথা আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ কিন্তু পুৱা 10 বজাত উপস্থিত হ'বলগীয়া হুছেইন আবেলি তিনি বজা পৰ্যন্ত উপস্থিত ন'হল ৷
শোণিতপুৰ, 5 এপ্ৰিলঃ বিহপুৰীয়াত কংগ্ৰেছৰ নিৰ্বাচনী সভাত আশা ভংগ হ'ল কংগ্ৰেছী সমৰ্থকৰ । বিহপুৰীয়া নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত নোৱাৰ বাবেই সভাৰ পৰা নিৰাশ হৈ উভটিলে কংগ্ৰেছী সমৰ্থক ৷ উল্লেখ্য যে, শুকুৰবাৰে বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হোৱাৰ কথা আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ কিন্তু পুৱা 10 বজাত উপস্থিত হ'বলগীয়া হুছেইন আবেলি তিনি বজা পৰ্যন্ত উপস্থিত ন'হল ৷ বৰষুণৰ ফলত হেলিকপ্টাৰ উৰিব নোৱাৰা বাবেই নিৰ্বাচনী প্ৰচাৰত অংশ নলয় বুলি ঘোষণা কৰিলে কংগ্ৰেছ কৰ্মীয়ে ৷ যাৰ বাবে প্ৰতিকুল বতৰকো নেউচি নিৰ্বাচনী সভাত অংশ লবলৈ অহা কংগ্ৰেছী সমৰ্থকসকলে নিৰাশ হৈ উভতিবলগীয়া হয় ঘৰমুখে ৷
তেজপুৰ লোকসভা সমষ্টিৰ বিহপুৰীয়াত কংগ্ৰেছৰ নিৰ্বাচনী সভাত আশাভংগ হল কংগ্ৰেছৰ। কাৰণ বিহপুৰীয়াত অনুস্থিত হোৱা নিৰ্বাচনী সভাত ১০ বজাত উপস্থিত হোৱাৰ কথা আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন। কিন্তু ১০ বজাত নাহিল। ঘোষণা কৰা হল ১ বজাত উপস্থিত হব ৰকিবুল হুচেইনৰ কিন্তু তিনি বজালৈ আহি নাপালে ৰকিবুল। বৰষুণৰ বাবে হেলিকপ্টাৰ উৰিব নোৱাৰা বুলি ঘোষণা কৰিলে কংগ্ৰেছ কৰ্মীয়ে। ইয়াৰ পিছতে উপস্থিত ৰাইজক উদ্দেশ্য ভাষণ দিলে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভুপেন বৰাই। ভাষণৰ আৰম্ভনিতে বিজেপিৰ লগতে বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকা টুলাধুনা।
ভাঙৰ জালত থকা বিধায়কে নাজানে মুখ্যমন্ত্ৰীৰ নাম। ৰাইজৰ দুখ দুৰ্দশা এৰি বিধায়ক ব্যস্ত তাচপাত খেলাত। ইয়াৰ পিছতে ভুপেন বৰাৰ টাৰ্গেট বিজেপিৰ পাৰ্থী পল্লব লোচন দাস। ৰাইজৰ ভানুক ভোট দিবলৈ কৈ ৰাইজক কলে এই স্থানতে আকৌ হব বৃহৎ সভা হেলিকপ্টাৰেৰে আহিব ৰকিবুল হুচেইন । সিমিত ৰাইজৰ উপস্থিতিতে বি জে পি ক সমালোছনা কৰি ভাষণ সামৰিলে ভুপেন বৰাই।