গুৱাহাটী,৫মে' : দেওবাৰে ভৰলুমুখ আৰক্ষীৰ জালত পৰে দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী । ভূতনাথত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা সময়তে হাতে-লোটে কৰায়ত্ত কৰে ভৰলুমুখ আৰক্ষীয়ে । এক গোপন সুত্ৰৰ পম খেদি দেওবাৰে ভৰলুমুখ আৰক্ষীৰ এটা দলে ভূতনাথত অভিযান চলাই ব্ৰাউন চুগাৰসহ লক্ষ্মী দাস আৰু ৰেজিনা খাতুন নামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীক আটক কৰে ।
মহিলা দুগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২.১দ গ্ৰাম ব্ৰাউন চুগাৰ, ১৫টা খালী কন্টেইনাৰ আৰু এটা ম'বাইল ফোন । ইতিমধ্যেই ভৰলুমুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মহিলা দুগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।