ডুমডুমা, ২১ ডিচেম্বৰ:তিনিচুকীয়াৰ ডুমডুমা আৰক্ষীয়ে শনিবাৰৰ নিশাৰ পৰা অভিযান চলাই 6টাকৈ দুধৰ্ষ ডকাইতক আটক কৰে। আটকাধীন ডকাইতকেইটা ক্ৰমে চিবেন মৰাণ,ককুল ওৰফে ৰাজু মৰাণ,মৃদুল ওৰফে ৰুবুল মৰাণ,দিজেন মৰাণ,জয়ন্ত ওৰফে গুটি মৰাণ আৰু ৰুবুল মৰাণ বুলি জানিব পৰা গৈছে ৷
![Doomdooma Police nabbed six dacoits in Tinsukia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:15:22:1608511522_a-ddm-801-21dec-doomdooma-photo01-bhaskar-dahal-asc10048_21122020025818_2112f_1608499698_6.jpg)
আটকাধীন ডকাইতকেইটাৰ ঘৰ কৰ্দৈগুৰি আৰু কাকপথাৰ ওভতা গাঁৱত ৷ ইপিনে ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে মোবাইল ফোনসহ বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে । তিনিচুকীয়া,ডুমডুমা আৰু বাঘজান থানাৰ অন্তৰ্গত অঞ্চলসমূহত বিগত সময়ত সংঘটিত হোৱা কেইবাটাও ডকাইতি কাণ্ডত জড়িত আছিল ধৃত ডকাইতকেইটা ৷
তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ তত্ত্বাৱধানত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু ডুমডুমাৰ আৰক্ষী বিষয়া মনিমোহন কোঁচৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আটকাধীন ডকাইতকেইটাক সোমবাৰে আদালতত হাজিৰ কৰি ডুমডুমা আৰক্ষীয়ে অধিক জেৰাৰ বাবে নিজৰ জিম্মাত বিচাৰিব বুলি সদৰি কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতীয়ে ৷