ধুবুৰী,৯মে': ধুবুৰীৰ কুন্তিৰচৰত টিপকাই নদীৰ বাঢ়নি পানীয়ে উতুৱাই নিলে বাঁহৰ সাঁকো। যাতায়তৰ বাবে থকা একমাত্ৰ সাৰথি বাঁহৰ সাঁকোখন নদীৰ বাঢ়নি পানীৱে উতুৱাই নিয়াত সমস্যাত পৰিছে অঞ্চলবাসী । যাৰ ফলত প্ৰতিদিনে গদাধৰ নৈৰ ওপৰেদি টুলুঙা নাৱেৰে বিপদ সংকুল অৱস্থাত ছাত্ৰ-ছাত্ৰী,ব্যৱসায়ীসকলৰ লগতে গাঁৱখনৰ কেবাশ ৰাইজে অহা-যোৱা কৰিব লগা হয় ।
উল্লেখযোগ্য যে, ধুবুৰীৰ ফলিমাৰী পঞ্চায়তৰ কুন্তিৰচৰ,ডুবাইচৰ,ফলিমাৰী আদি অঞ্চলৰ হাজাৰ-হাজাৰ ৰাইজে গদাধৰ নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল যদিও কোনো এখন চৰকাৰ বা কোনো এজন সাংসদ-বিধায়কে ইয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ ফলত যাতায়তৰ নামত জীয়াতু ভুগিবলগীয়া হয় বৃহত্তৰ অঞ্চলৰ ৰাইজে।