ETV Bharat / briefs

বিশ্বনাথ জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়ক খনীন্দ্ৰ মেধিৰ অকাল বিয়োগ

শুকুৰবাৰে পুৱা গুৱাহাটীৰ জি.এন.আৰ.চি. হাস্পতালত চিকিৎসাধীন অবস্থাত বিশ্বনাথৰ জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়ক খনীন্দ্ৰ মেধিৰ অকাল মৃত্যু ঘটে । বিশ্বনাথৰ লগতে দিছপুৰস্থিত জনসংযোগৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকলো প্ৰয়াত মেধিৰ বিয়োগত শোক প্ৰকাশ কৰে ।

author img

By

Published : Jun 5, 2020, 9:31 PM IST

বিশ্বনাথ জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়ক খনীন্দ্ৰ মেধিৰ অকাল বিয়োগ
বিশ্বনাথ জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়ক খনীন্দ্ৰ মেধিৰ অকাল বিয়োগ

বিশ্বনাথ, ৫ জুন: বিশ্বনাথ চাৰিআলিৰ তথ্য আৰু জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়ক খনীন্দ্ৰ মেধিৰ অকাল মৃত্যু ঘটে । হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জি.এন.আৰ.চি. হাস্পতালত চিকিৎসাধীন অবস্থাতে শুকুৰবাৰে পুৱা ৫.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে খনীন্দ্ৰ মেধিয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৮ বছৰ আছিল বুলি জানিব পৰা গৈছে।

তেওঁৰ আকস্মিক মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে মৰ্মাহত হৈ পৰে দিছপুৰস্থিত জনসংযোগৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকল,বিশ্বনাথ চাৰিআলিৰ জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলিনা টাইডৰ লগতে কৰ্মচাৰীসকল আৰু বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল । দিছপুৰস্থিত জনসংযোগ সঞ্চালকালয়ত সঞ্চালক অনুপম চৌধুৰীৰ নেতৃত্বত এখন শোকসভা অনুষ্ঠিত কৰি প্ৰয়াত মেধিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে কৰ্মচাৰীবৃন্দই। সভাত মৃতকৰ সোঁৱৰণত ১ মিনিট মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । আনহাতে বিশ্বনাথ চাৰিআলিৰ প্ৰাক্তন জনসংযোগ বিষয়া তথা বৰ্তমান মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কৰ্মৰত প্ৰশান্ত কুমাৰ বৰায়ো প্ৰয়াত মেধিৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে ।
কামৰূপ জিলাৰ শুৱালকুছিৰ এ.চি.চি.পথৰ মেধি টোলত অঞ্চলত ১৯৬২ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা খনীন্দ্ৰ মেধিয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰি তথ্য আৰু জনসংযোগ বিভাগৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ১৯৯০ চনৰ ৩০ নৱেম্বৰত বিতৰক পদত যোগদান কৰে। ইয়াৰ পিছত শদিয়াৰ তথ্য আৰু জনসংযোগ বিভাগ, বৰপেটাৰ তথ্য আৰু জনসংযোগ বিভাগ আৰু শেষত বিশ্বনাথ চাৰিআলিৰ তথ্য আৰু জনসংযোগ কাৰ্যালয়ত মৃত্যুৰ আগমুহুৰ্তলৈকে কৰ্তব্য পালন কৰিছিল । তেওঁৰ মৃতদেহ ওপজা ঠাই শুৱালকুছিলৈ লৈ যোৱাৰ পিছত তাত শেষকৃত্য সম্পন্ন কৰা হয়।

লগতে পঢ়ক: গুৱাহাটীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.