নতুন দিল্লী, ৩ চেপ্তেম্বৰঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদক বুধবাৰে উত্তৰ-পূৱ দিল্লীৰ ঘটনা সম্পৰ্কত সোধপোচ কৰিবৰ বাবে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই মাতি নিয়ে । অৱশ্যে সোধ পোচৰ অন্তত ছাত্ৰজনক যাবলৈ দিয়ে ।
বুধবাৰে খালিদ চানলাইট কলনীৰ পুলিচ কাৰ্যালয়ৰ পৰা তদন্তকাৰী বিষয়াই এই সোধ পোচত যোগদান কৰে বুলি জানিবলৈ দিয়ে এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই। খবৰ অনুসৰি মংগলবাৰে খালিদক এখন জাননী দিয়া হৈছিল, তাৰ পিচতে আৰক্ষীয়ে জে এন ইউৰ প্ৰাক্তন ছাত্ৰজনক আৰক্ষীৰ কাৰ্যালয়লৈ তলব কৰে । তাৰ পিচতে তেওঁ আৰক্ষীৰ কাৰ্যালয়ত উপস্থিতি হৈ তদন্তত সহযোগিতা আগবঢ়ায় ।
খালিদৰ বিৰুদ্ধে জামিয়া শিক্ষার্থী ও আৰ জেদি যুৱ শাখাৰ সভাপতি মীৰাণ হায়দাৰ, জেচিচিৰ মিডিয়া সমন্বয়ক সাফুৰা জাৰগৰ,আৰু উত্তৰ পূৱ দিল্লীৰ ভজনপুৰৰ বাসিন্দা ডানিশৰ সৈতে ইতিমধ্যে বে আইনী কৰ্মকাণ্ড (প্ৰতিৰোধ) আইন (ইউ এপি এ) আওতাতত গোচৰ ৰজু কৰা হৈছিল ।
ইয়াৰ পূৰ্বে সংঘৰ্ষৰ সৈতে জড়িত অন্য গোচৰত খালিদৰ বিৰুদ্ধে অবৈধ কৰ্মকাণ্ড(প্ৰতিৰোধ) আইন (ইউ এ পি এ)ৰ অধীনতো গোচৰ ৰুজু কৰা হৈছিল । সংঘৰ্ষৰ পিচতে এক অভিযোগৰ ভিত্তিত ষড়যন্ত্ৰৰ অভিযোগত দিল্লী আৰক্ষীয়ে সোধপোচ কৰিছিল । তেখেতৰ ম'বাইল ফোনো জব্দ কৰিছিল দিল্লী আৰক্ষীয়ে ।
দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযোগ পত্ৰl দিল্লী আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছিল যে, ৰাজধানী দিল্লীৰ উত্তৰ পূৱ অঞ্চলত সংঘটিক সংঘৰ্ষৰ এক মাহতকৈও অধিক সময় আগতে এএপি কাউন্সিলৰ তাহিৰ হোছেইন, ইউনাইটেডৰ উমৰ খালিদ আৰু খালিদ চাইফিৰ সৈতে শ্বাহীন বাগৰ ঘটনাত জড়িতসকলক প্ৰৰোচিত কৰিছিল হিংসাত্মক ঘটনাৰ বাবে । চি এ এৰ প্ৰতিবাদ সংঘটিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দিল্লী ভ্ৰমণৰ সময়তে । এই সময়ত উমৰে ডোনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত সংঘৰ্ষৰ বাবে সাজু থাকিবলৈ কৈছিল আৰু ধনৰ যোগান ধৰাৰ কথাও কৈছিল ।
নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিচতে ডিচেম্বৰৰ পৰা দিল্লীত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল । দেশৰ ৰাজধানী দিল্লীৰ বিভিন্ন ঠাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ আৰম্ভ হয় । উত্তৰ-পূৱ দিল্লীৰ জাফৰাবাদ মেট্ৰো ষ্টেচনৰৰ কাষতো এটা আন্দোলনৰ আৰম্ভ হৈছিল । উত্তৰ পূৱ দিল্লীৰ বিক্ষোভ সমূহে লাহে লাহে ভয়ানক ৰূপ ধাৰণ কৰাত এই বিক্ষোভত মুঠ ৫৩জন লোকৰ মৃত্যু হয় আৰু বহুতো লোক আঘাত প্ৰাপ্ত হয় ।
লগতে চাওকঃ গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকক বিতৰণ চৰকাৰী পাৱাৰ টিলাৰ