ETV Bharat / briefs

ইণ্ডোনেছিয়াত ভূমিকম্প - চুনামি অহাৰ সম্ভাৱনা

আমেৰিকাৰ ভূ-তত্ত্ব বিভাগে প্ৰকাশ কৰা অনুসৰি ৬.৬ ৰিখতাৰ স্কেলত ইণ্ডোনেছিয়াত অনূভূত ভূমিকম্প। জাভা প্ৰদেশৰ উপকূলীয় চহৰ বাতাঙৰ পৰা প্ৰায় ৯৮ কিল'মিটাৰ উত্তৰ দিশে ভূমিকম্পৰ উৎপত্তিস্থল ৷

earthquake
Deep undersea earthquake widely felt in Indonesia, no damage
author img

By

Published : Jul 7, 2020, 4:12 PM IST

নিউজ ডেস্ক, ৭ জুলাইঃ ইণ্ডোনেচিয়াৰ জাভা দ্বীপৰ উপকূলত মঙলবাৰে ভূমিকম্প অনুভূত হয়। কিন্তু ভূমিকম্পৰ ফলত কোনো লোক হতাহত তথা বিশেষ ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

আমেৰিকাৰ ভূ-তত্ত্ব বিভাগে প্ৰকাশ কৰা অনুসৰি ৬.৬ ৰিখতাৰ স্কেলত অনূভূত হৈছিল ভূমিকম্পটো । জাভা প্ৰদেশৰ উপকূলীয় চহৰ বাতাঙৰ (Batang) পৰা প্ৰায় ৯৮ কিল'মিটাৰ (৫৮ মাইল) উত্তৰ দিশে ভূমিকম্পটোৰ উত্পত্তিস্থল । উক্ত অঞ্চলটো ৫২৮ কিল'মিটাৰ গভীৰ বুলি জানিব পৰা গৈছে । ইণ্ডোনেচিয়াৰ বতৰ বিজ্ঞান আৰু জলবায়ু বিভাগে এই ভূমিকম্পটোৰ ফলত চুনামি অহাৰ সম্ভাৱনা আছিল বুলি উল্লেখ কৰে ।

ভূমিকম্পৰ অধিকেন্দ্ৰ গভীৰ স্থানত হোৱা হেতুকে জাভা দ্বীপৰ উপকূলত থকা লোকসকলে সামান্য ভূমিকম্পৰ কম্পন অনুভৱ কৰিছে বুলি এটা সংস্থাত কৰ্মৰত ডাৰিয়োনো নামৰ এগৰাকী বিষয়াই উল্লেখ কৰে।

ইণ্ডোনেছিয়াত ভূমিকম্পৰ লগতে জ্বালামুখী বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে । ২০০৪ বৰ্ষত ভাৰত মহাসাগৰত হোৱা শক্তিশালী ভূমিকম্প তথা চুনামিৰ ফলত প্ৰায় ১২ খন দেশৰ ২,৩০,০০০ গৰাকী লোকৰ মৃত্যু হৈছিল। মৃত লোকসকলৰ অধিকাংশই ইণ্ডোনেছিয়াৰ আছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.